শেহতীয়া খবৰ
উলুবাৰীত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে আই আই টিৰ দুজন ছাত্ৰক  •  চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ  •  আজি উত্তৰ প্ৰদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  •  আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক

বিহাৰৰ মুখ্যমন্ত্ৰীৰ গালৈ চেন্দেল দলিয়াই আটক যুৱক

166

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গালৈ চেন্দেল দলিয়াই আটক হ’ল এজন যুৱক। জানিব পৰা মতে, বৃহস্পতিবাৰে পাটনাৰ বাপু সোভাগাৰত জনতা দল ইউনাইটেডৰ যুৱ মৰ্চাৰ এক অনুষ্ঠানত অংশ লোৱা মূহুৰ্তত এজন যুৱকে মঞ্চত উপৱিষ্ট নীতিশ কুমাৰলৈ লক্ষ্য কৰি চেন্দেল দলিয়ায়।

অৱশ্যে যুৱকজনে দলিওৱা চেন্দেল সৌভাগ্যক্ৰমে মুখ্যমন্ত্ৰীগৰাকীৰ গাত নালাগে। সেই সময়ত মঞ্চত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও জেডিইউৰ প্ৰদেশ অধ্যক্ষ বশিষ্ঠ নাৰায়ণ সিং সহ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল। মুখ্যমন্ত্ৰীক আক্ৰমণৰ চেষ্টা চলোৱা যুৱকজনৰ পৰিচয় ঔৰাংগাবাদ নিৱাসী চন্দন বুলি আৰক্ষেীয়ে চিনাক্ত কৰিছে।

আনহাতে এক সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ পূৰ্বেই অনুষ্ঠানখনত উপস্থিত থকা জনতাই যুৱকজনক মাৰধৰ কৰে। বিহাৰত দীৰ্ঘদিন ধৰি চলি থকা সংৰক্ষণৰ দাবীক লৈয়ে যুৱকজনে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি