তিনি বছৰীয়া শিশুৰ মুখৰ ভিতৰতে ফুটিল চকলেট বোমা! ক্ষত বিক্ষত মুখমণ্ডল

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দীপাৱলীৰ সময়ত চকলেট বোমা ফুটাবলৈ গৈ হাত পোৰা, ভৰি পোৰা, ৰকেট বোমা উৰি গৈ ঘৰৰ ছাঁদত পৰি অগ্নিকাণ্ড সংঘটিত হোৱা আদিৰ দৰে ঘটা প্ৰায়ে সংঘটিত হোৱা দেখা যায়৷ আনকি দীপাৱলীৰ সময়তে জুয়ে পুৰি বা বোমা ফুটি প্ৰাণহানি হোৱাৰ দৰে ঘটনাও বিৰল নহয়৷ সেইসমূহ নিতান্তই দুৰ্ঘটনা৷

কিন্তু উত্তৰপ্ৰদেশৰ যি ঘটিল, সেয়া মৰ্মান্তিক আৰু ভয়ংকৰ বুলি ক'লেও যেন কম নহয়৷ এটি তিনি বছৰীয়া শিশুৰ মুখত চকলেট বোমা সুমুৱাই জুই লগাই দিয়ে এটি কিশোৰে৷ ফলত মুখৰ ভিতৰতে সেই বোমা ফুটি এতিয়া জীৱন মৃত্যুৰ সৈতে যুঁজিছে শিশুটিয়ে৷

দেশৰ বিভিন্ন প্ৰান্তত মঙলবাৰৰ পৰাই দীপাৱলীৰ আনন্দ উল্লাসৰ ধল নামিছিল৷ উত্তৰপ্ৰদেশৰ মেৰঠতো মঙলবাৰৰ পৰাই আৰম্ভ হৈছিল দীপাৱলীৰ উছাহ৷ মঙলবাৰে সন্ধিয়া ঘৰৰ কাষতে অন্য শিশুৰ সৈতে তিনি বছৰীয়া শিশুটিয়েও দীপাৱলীৰ আনন্দত খেলি আছিল৷ সেই সময়তে ওচৰৰে হৰপালক নামৰ এজন কিশোৰ আহি শিশুটিৰ মুখত এটা চকলেট বোমা ভৰাই দি জুই লগাই দিয়ে৷ ইফালে এই কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে কিশোৰজনে৷

পিছত স্থানীয় লোক আৰু শিশুটিৰ পৰিয়াল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়৷ মুখৰ ভিতৰতে বোমাটো ফুটাৰ ফলত শিশুৰ মুখমণ্ডলত যথেষ্ট আঘাত লাগে৷ চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, শিশুটিৰ জিভাখন চিঙি যোৱাৰ লগতে তালু আৰু মুখত কেইবাটাও ছেদৰ সৃষ্টি হৈছে৷ শিশুটিৰ অৱস্থা অতি সংকটজনক বুলিও জানিব পৰা গৈছে৷

আনহাতে আহত শিশুটিৰ পিতৃ শশী কুমাৰে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ শিশুটিৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অভিযুক্ত হৰপালক নামৰ কিশোৰজনক বিচাৰি অভিযান আৰম্ভ কৰিছে৷ ইফালে অভিযুক্ত হৰপালকে এই ঘটনা পূৰ্ব পৰিকল্পিতভাৱে সম্পন্ন কৰিছিল নেকি সেয়া জানিবলৈও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in