চেন্নাইৰ পৰা আহিছিল বিশেষ ৰে’লেৰেঃ গুৱাহাটীৰ পৰা বাছেৰে বৰক্ষেত্ৰী পালেগৈ যুৱক, গমকে নাপালে স্বাস্থ্য বিভাগে…

চেন্নাইৰ পৰা আহিছিল বিশেষ ৰে’লেৰেঃ গুৱাহাটীৰ পৰা বাছেৰে বৰক্ষেত্ৰী পালেগৈ যুৱক, গমকে নাপালে স্বাস্থ্য বিভাগে…

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যত বৃদ্ধি পাই অহা কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ প্ৰায় সংখ্যকে বহিঃৰাজ্যৰ পৰা অহা বুলি চিনাক্ত হোৱাৰ পিছতে কেবিনেটৰ সিদ্ধান্তমৰ্মে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কোৱাৰেন্টাইনৰ নীতি নিয়ম অধিক কঠোৰ হ'ব বুলি ঘোষণা কৰে। ঠিক তেনে সময়তে প্ৰশাসনৰ চকুত ধূলি দি বুধবাৰে ৰে'লৰ পৰা নামিয়েই কোৱাৰেন্টাইনৰ পৰিৱৰ্তে ঘৰ আহি পালে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চেন্নাইফেৰৎ যুৱক চম্পক দাস৷ চেন্নাইৰ পৰা পোনে পোনে ঘৰলৈ অহা যুৱকজনক লৈ পুৱা এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় বৰক্ষেত্ৰীৰ নাৰুৱা গাঁৱত।

উল্লেখ্য যে, চেন্নাইৰ এটি কোম্পানীত দুবছৰ ধৰি কৰ্মৰত হৈ থকা বৰক্ষেত্ৰীৰ নাৰুৱাৰ চম্পক দাস (৩০) নামৰ যুৱকজনে মঙলবাৰে চেন্নাইৰ পৰা পোনে পোনে নাৰুৱাৰ গৃহলৈ অহা খবৰ বিয়পি পৰাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় গাঁওখনত৷ প্ৰাপ্ত তথ্য মতে চম্পক দাসে যোৱা ২৪ মে'ত চেন্নাইৰ পৰা ৰে'লেৰে যাত্ৰা আৰম্ভ কৰি বুধবাৰে পুৱাই গুৱাহাটী ৰে'লেৱে ষ্টেচনত উপস্থিত হৈছিল৷ পুৱা অহা এজাক বৰষুণৰ সময়তে ৰে'লেৱে ষ্টেচনৰ পৰা যুৱকজনে কৌশলৰে এখন ৰিক্সাত উঠি সেই স্থান ত্যাগ কৰি বাছষ্টেণ্ডত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত বাছেৰে বৰক্ষেত্ৰীৰ আদাবাৰীত উপস্থিত হয়৷

তাৰ পিছত আদাবাৰীৰ পৰা এখন টেম্পোৰে যুৱকজন আহিছিল বৰক্ষেত্ৰীৰ কাপলাবড়ীলৈকে৷ কাপলাবড়ীত যুৱকজনে টেম্পোৰ পৰা নামি কাপলাবড়ীৰ বড়ো চুবুৰীৰ জনৈক বড়ো উপাধিৰ আত্মীয় এজনৰ ঘৰত চাহ জলপান খাই তেওঁ পুনৰ কাপলাবড়ীৰ পৰা নাৰুৱাৰ গৃহত উপস্থিত হৈছিল৷ যুৱকজনে চেন্নাইৰ পৰা কোৱাৰেন্টাইন অবিহনে নিজ গৃহত উপস্থিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে গাঁওখনৰ গাঁওবুঢ়া বীৰেন বড়োই মুকালমুৱা স্বাস্থ্য বিভাগক খবৰ দিয়ে আৰু মুকালমুৱাৰ পৰা স্বাস্থ্যকৰ্মীৰ দল এটা উপস্থিত হৈ যুৱকজনক ১০৮ৰ সহায়ত মুকালমুৱাস্থিত চণ্ডী মেধি বালিকা বিদ্যালয়ৰ ছাত্ৰী নিৱাসত থকা কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে। আনহাতে যুৱকজনৰ পৰিয়ালৰ আন পাঁচজন সদস্যক যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নহা পৰ্য্যন্ত হ'ম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়ে স্বাস্থ্যকৰ্মীৰ দলটিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in