মহানগৰীত যুৱক সন্ধানহীন ঘটনাৰ নতুন মোৰঃ ভূতনাথৰ চৌহদৰ ৰেলিঙৰ পৰা ২ চণ্ডালে গতা মাৰি পেলাই দিছিল ব্ৰহ্মপুত্ৰত

মহানগৰীত যুৱক সন্ধানহীন ঘটনাৰ নতুন মোৰঃ ভূতনাথৰ চৌহদৰ ৰেলিঙৰ পৰা ২ চণ্ডালে গতা মাৰি পেলাই দিছিল ব্ৰহ্মপুত্ৰত

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৯ জুলাইৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ থকা অসীম কুমাৰ বৰুৱা নামৰ যুৱকজনক ভৰা লুইতত গতা মাৰি পেলাই দিছিল ভূতনাথ শ্মসানৰ দুজন চণ্ডালে। আৰক্ষীৰ সোধ পোছত এই কথা স্বীকাৰ কৰিছে নৱ দাস আৰু ভগীৰথ নাথ নামৰ চণ্ডাল দুজনে।

উল্লেখ্য যে, ভূতনাথত যোৱা ৯ জুলাইত পূজা কৰিবলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল অসীম বৰুৱা। পৰিয়ালৰ লোকে যুৱকজনক কোনো দুস্কৃতিকাৰীয়ে অপহৰণ কৰাৰ আশংকা কৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ'ল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভূতনাথ শ্মসানৰ ২ চণ্ডাল নৱ দাস আৰু ভগীৰথ নাথক সোধ পোছ কৰাৰ সময়ত দুয়োজনে স্বীকাৰ কৰে ভূতনাথ চৌহদৰ ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলাই দিছিল অসীম কুমাৰ বৰুৱাক।

ইফালে যোৰাহাটৰ যুৱক অসীম বৰুৱাৰ মাতৃয়ে আৰক্ষীয়ে পুত্ৰক বিচাৰি উলিওৱাবলৈ তদন্তত অধিক প্ৰদান কৰা নাই বুলি অভিযোগ তুলিছে। আৰক্ষীয়ে চালে বেৰে কোবাই থাকি প্ৰকৃত ঘটনাক গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে অসীমৰ মাতৃয়ে। অন্যহাতে দুই অভিযুক্ত চণ্ডালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে ব্ৰহ্মমপুত্ৰৰ বুকুত অসীম বৰুৱাৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in