শক্তি বিভাগৰ গাফিলতিৰ অভিযোগ, বিদ্যুৎস্পৃষ্টত মৃত্যু যুৱকক আৰ্থিক সাহায্যৰ দাবী

শক্তি বিভাগৰ গাফিলতিৰ অভিযোগ, বিদ্যুৎস্পৃষ্টত মৃত্যু যুৱকক আৰ্থিক সাহায্যৰ দাবী

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত কৰাইবিলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বিবাহিত যুৱকগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে আমছুৰ স্থানীয় গোটে৷ উল্লেখ্য যে, জোৰশিমুলীৰ কৰাইবিল গাঁও নিবাসী আকবৰ আলীৰ পুত্ৰ মহিবুল হকে (৩৫) যোৱা ২৮ জুনৰ নিশা সমনীয়াৰ লগত নাও চলাই নিজৰ পুখুৰী টহল দি থকা অৱস্থাত আকস্মিকভাৱে উচ্চ ক্ষমতাসম্পন্ন এছ টি তাঁৰৰ সৈতে মেৰিয়াই পৰাত যুৱকজনৰ অকালতে মৃত্যু ঘটে৷ আনহাতে ছয়গাঁৱৰ কৰাইবিল অঞ্চল সম্প্ৰতি ভয়াৱহ বানৰ কৱলত পৰিছে যদিও শক্তি বিভাগে বানপানীৰ প্ৰতিলক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন নকৰাৰ পৰিপ্ৰেক্ষিতত মহিবুল হকৰ অকাল মৃত্যু হোৱা বুলি আমছুয়ে অভিযোগ উত্থাপন কৰিছে৷

ইপিনে শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্যজনকাৰী যুৱক মহিবুল হকৰ অকাল মৃত্যু ঘটাত দুই সন্তানৰ সৈতে মাতৃগৰাকী জীৱিকাহীন হৈ পৰিছে৷ শক্তি বিভাগৰ অসাৱধানতাৰ বাবে যুৱকগৰাকীৰ মৃত্যু হোৱাত জীৱিকাহীন পৰিয়ালটোক এককালীন আৰ্থিক সাহায্য প্ৰদানৰ দাবীত আমছুৰ হাতীশলা ভলুকাবাৰী আঞ্চলিক সমিতিৰ সভাপতি কলিমুদ্দিন, সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানে মঙলবাৰে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in