বটদ্ৰৱা সমষ্টিৰ মাজ-জাঁজৰি পঞ্চায়ত বিজেপিৰ হাতলৈ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিৰ মাজ-জাঁজৰি গাওঁ পঞ্চায়তৰ ভোটগননা ইতিমধ্যে সম্পন্ন হৈছে ৷ ঘোষিত ফলাফল অনুসৰি বিজেপিৰ হাতলৈ গৈছে পঞ্চায়তটো৷ দলংঘাট উন্নয়ন খণ্ডৰ হাটিচোং জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত মাজ-জাজৰি পঞ্চায়তত সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দুগৰাকী বিজয়ী হবলৈ সক্ষম হৈছে ৷

পঞ্চায়তটোত কংগ্ৰেছ দলৰ প্ৰভাত চন্দ্ৰ ডেকাই ১৫৩০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ সভাপতি পদৰ প্ৰাৰ্থী মিন্টু কোঁৱৰে ১৯৬০ ভোট লাভ কৰি বিজয়ী হয় ৷ ইপিনে আঞ্চলিক পঞ্চায়ত সদস্য পদত কংগ্ৰেছ দলৰ প্ৰাৰ্থী তৃষ্ণা বৰাই ১৩২২ টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ বিবি বৰাই ১৯২২ টা ভোট লাভ কৰি বিজয় সাৱ্যস্ত কৰে ৷ মাজ-জাজৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৭ ৱাৰ্ড দখল কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৩টা ৱাৰ্ডতে সন্তোষ্ট থাকিবলগীয়া হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in