ছাত্ৰ সন্থাৰ তৰফৰ পৰা বটদ্ৰৱা থান চৌহদত গছ পুলি ৰোপণ আৰু ডাষ্টবিন প্ৰদান…

ছাত্ৰ সন্থাৰ তৰফৰ পৰা বটদ্ৰৱা থান চৌহদত গছ পুলি ৰোপণ আৰু ডাষ্টবিন প্ৰদান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পূন্য, পবিত্ৰ ভাদ মাহ উপলক্ষে নগাঁও জিলাৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্য সকলে আহি বটদ্ৰৱা থানত সেৱা জনাই। নগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে জিলাখনৰ অন্তৰ্গত ধিং, বটদ্ৰৱা, ৰাইডঙীয়া, হাতীচোং, ৰহা, আন্তঃপাঠৰি, ফুলগুৰি, কলিয়াবৰ, পুৰনিগুডাম, ৰূপহী, চামগুৰি, উৰিয়াগাও, কামপুৰ, কঠিয়াতলী আদি ভিন্ন প্ৰান্তৰ ১৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে দেওবাৰে জাতীয় সাজ পৰিধান কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানত সেৱা আগবঢ়াই।

বটদ্ৰৱা থানত উপস্থিত হৈ নগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বটদ্ৰৱা থান চৌহদক সুন্দৰ কৰাৰ প্ৰচেষ্টাৰে শতাধিক থলুৱা গছ পুলি ৰোপণ কৰাৰ লগতে থান চৌহদৰ স্বচ্চতাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ হাতত দহটা ডাষ্টবিন প্ৰদান কৰে।

দেওবাৰে বটদ্ৰৱা থানত অনুষ্ঠিত ডাষ্টবিন প্ৰদান আৰু গছ পুলি ৰোপণ কাৰ্যসূচীৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্ত্ৰীয় সমিতিৰ তথ্য সম্পাদনা কৰা মৃদুল হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সম্পাদক অমৰজ্যোতি ফুকন, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি ভূঞা, বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতা, সম্পাদক পবিত্ৰ কলিতাকে প্ৰমুখ্য কৰি ছাত্ৰ সন্থাৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in