২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ব এই উৎসৱ…

২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ব এই  উৎসৱ…

ডিজিটেল ডেস্কঃ এয়া আঘোণৰ মাহ। পথাৰত সোণগুটি চপোৱাৰ সময়। এই আঘোণতেই অসমীয়া চহা কৃষক সমাজে পথাৰৰ সোণগুটি চপাই নতুন চাউলেৰে লগে ভাগে তৃপ্তিৰে এসাজ খোৱাৰ বতৰ। আঘোণ মাহতেই অসমীয়া সমাজ জীৱনত ন-খোৱা বা ন-লগোৱা উৎসৱ পালন কৰে চহা কৃষক সমাজে। অসমৰ বিভিন্ন প্ৰান্তত কৃষক সমাজে এইদৰে ন-খোৱা উৎসৱ পালন কৰি আহিছে যদিও বৰ্তমান এই ন-খোৱা উৎসৱ প্ৰায় হ্ৰাস হৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হিচাপে অসমীয়াই কৃষি-কৰ্ম কৰিবলৈ এৰাটোকেই গন্য় কৰা হয়। অৱশ্যে এতিয়াও অসমৰ বিভিন্ন স্থানত কৃষক সমাজে লগে-ভাগে ন-খোৱাৰ পৰম্পৰা জীয়াই ৰাখিছে।

তেনে এক – খোৱা উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছে যোৰহাট জিলাৰ মালৌপথাৰত বৰভেটিৰ ৰাইজে। যোৰহাট জিলাৰ ৰাইজৰ সহযোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই ন-লগোৱা উৎসৱৰ আছে ঐতিহ্য। চলিত বছৰত বৰভেটিৰ ন-লগোৱা উৎসৱে ২৫৪ বছৰত ভৰি দিব।

মায়ামৰা বৈষ্ণৱ গুৰু শ্ৰী শ্ৰী অষ্টভূজদেৱ গুৰুজনাৰ বলিষ্ঠ নেতৃত্বত ৮ লাখ ৯০ হাজাৰ ভক্তৰ মহা ত্যাগ আৰু শ্ৰমৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল বৰভেটি তীৰ্থই। এই বৰভেটি তীৰ্থই চলিত বৰ্ষত ২৫৪ বছৰত পদাৰ্পণ কৰিছে। এনে এক সন্ধিক্ষণত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি চলিত আঘোণ মাহৰ ১০ আৰু ১১ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে এই উৎসৱ।

ন লগোৱা এই উৎসৱত কেৱল ভোজ-ভাত খায়েই দায়িত্ব শেষ নকৰে। এই ন-লগোৱা অনুষ্ঠানত ৰাইজে ৰূপায়িত কৰে বিভিন্ন কাৰ্যসূচী। এইবাৰ প্ৰথমদিনাক কাৰ্যসূচী পুৱা ৬ বজাতেই সামূহিক চাফাই আৰু পৰিৱেশ নিকাকৰণেৰে আৰম্ভ হ'ব। ইয়াৰ পিছত ধৰ্ম ধ্বজা উত্তোলণ কৰিব। ইয়াৰ পিছত ক্ৰমে স্মৃতি তৰ্প আৰু শ্ৰদ্ধাঞ্জলি, চাৰিঙ্গিয়া-চেঙ্গেলীআটি পথৰ পৰা বৰভেটি সংযোগী পথৰ শুভাৰম্ভ ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব।

ইয়াৰ পিছত দিনৰ ১২ বজাত লঘু আহাৰ আৰু সামূহিক বিৰতিৰ পিছত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে শ্ৰী শ্ৰী অষ্টভুজ দেৱৰ বৰভেটি ন-লগোৱা উৎসৱৰ শুভাৰম্ভ হ'ব। সন্ধিয়া ৫-৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান, ৬ বজাত স্মৃতিগ্ৰন্থ 'অস্তভুজ' উন্মোচন কৰা হ'ব।

আনহাতে দ্বিতীয় দনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব পুৱা বজাত। প্ৰথম কাৰ্যসূচী হিচাপে পৰিবেশ নিকাকৰণ আৰু ইয়াৰ পিছত ক্ৰমান্বয়ে ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত ভাগৱত পাঠ, ৮ বজাত প্ৰসাদ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা ৯ বজাত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানৰ পৰা অহা বৈষ্ণৱৰ দ্বাৰা গায়ন-বায়ন পৰিবেশনেৰে পৰম্পৰাগতভাৱে 'ন-লগোৱা উৎসৱ শুভাৰম্ভ হ'ব।

বিয়লি ৪ বজাত সু-শৃংখলভাৱে ৰিবেশন কৰা গায়ন-বায়নৰ দলক প্ৰশস্তি পত্ৰ প্ৰদান কৰাৰ পিছত ৪ বজাত শলাগৰ শৰাই ২৫৪ সংখ্যক ন-লগোৱা উৎসৱৰ সমাৰণি ঘোষণা কৰাৰ লগতে ৪-৩০ বজাত ধৰ্মধ্বজা সম্বৰণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in