বৰথল কছাৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত আজব ঘটনা,হঠাৎ ছাত্ৰ-ছাত্ৰীৰ সহ অচেতন শিক্ষয়িত্ৰী…..

বৰথল কছাৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত আজব ঘটনা,হঠাৎ ছাত্ৰ-ছাত্ৰীৰ সহ অচেতন শিক্ষয়িত্ৰী…..

ডিজিটেল সংবাদ,মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্ভুক্ত বৰথল কছাৰীগাওঁ প্ৰাথমিক বিদ্যালয়ত প্ৰত্যেক দিনৰ দৰে প্ৰাৰ্থনা আৰম্ভ হৈছিল।প্ৰাৰ্থনা চলি থকাৰ সময়ত হঠাতে বিদ্যালয় খনৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে এগৰাকী শিক্ষয়িত্ৰী হঠাৎ অচেতন হৈ মাটিত ঢলি পৰাৰ লগতে দুজন ছাত্ৰৰ নাকেৰে তেজ ওলোৱাৰ ফলত বিদ্যালয় খনত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

লগে লগে এক অদৃশ্য শক্তিয়ে এনে ঘটনা সংঘটিত কৰা বুলি উৰা বাতৰি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিয়পি পৰে। বিদ্যালয় কৰ্তৃপক্ষই ৰাইজৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকক খবৰ দিয়াৰ লগতে অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে।অৱশ্যে চিকিৎসা প্ৰদান কৰাৰ অন্তত ছাত্ৰ-ছাত্ৰী সকল সম্পূৰ্ণ সুস্থ হোৱাত ঘৰলৈ যাব দিয়ে চিকিৎসকে।

উল্লেখ্য যে বিদ্যালয়খনৰ গাতে লাগি থকা এটা পুখুৰীৰ পৰা অহা দুৰ্গন্ধৰ ফলত ছাত্ৰ-ছাত্ৰী সকল অসুস্থ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে। যদিও বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এতিয়াও অব্যাহত আছে কৌতূহলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in