শিক্ষাবিদ, সমাজকৰ্মী জয়কৃষ্ণ দাসৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ…

শিক্ষাবিদ, সমাজকৰ্মী জয়কৃষ্ণ দাসৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ…

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা সাহিত্যনুৰাগী জয় কৃষ্ণ দাসৰ শনিবাৰে পুৱা প্ৰায় ৮ বাজি ৫০ মিনিটত বৰপেটাৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। জীৱিত কালত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা জয় কৃষ্ণ দাসৰ মৃ্ত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে।বৰপেটাৰ এম চি কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল জয় কৃষ্ণ দাসে। সামাজিকভাৱে অতি সক্ৰিয় দাসে ইহসংসাৰত দুজন পুত্ৰ আৰু এগৰাকী কণ্যা এৰি থৈ গৈছে। তেওঁৰ মৃত্যু বৰপেটা বাসীৰ বাবে এক অপূৰণীয় ক্ষতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in