সত্ৰনগৰী বৰপেটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ…

সত্ৰনগৰী বৰপেটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ…

ডিজিটেল সংবাদ বৰপেটা: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শুকুৰবাৰে জন্মতিথি ৷ একশৰণ হৰিনাম ধৰ্ম আৰু সংস্কৃতিৰে অসমীয়া জাতিক চহকী কৰি যোৱা গুৰুজনাৰ জন্মতিথি উপলক্ষ্যে সত্ৰনগৰী বৰপেটাত প্ৰতিবছৰে পালন কৰি অহা হৈছে আবিৰ্ভাৱ মহোৎসৱ ৷ তিনিও ৰাজ্যৰ বন্দনী থান স্বৰূপ বৰপেটা সত্ৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাত যতি নপৰাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হ'ব ৷

গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মোৎসৱৰ উপলক্ষ্যে পুৱা ৯ বজাত ভাগৱত ভ্ৰমণেৰে গুৰুজনাৰ ৫৭৩ সংখ্যক জন্মোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ৷ বিয়লি ৪-০০ বজাত অনুষ্ঠিত হ'ব ধৰ্মালোচনা সভা ৷ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সভাপতিত্বত সত্ৰৰ মাধৱদেৱ শাস্ত্ৰ অধ্যায়ানাগাৰত অনুষ্ঠিত হ'বলগীয়া ধৰ্মালোচনা সভাত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ ডেকাই বিশিষ্ট অতিথি আৰু চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অপূৰ্ব তালুকদাৰে নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব ৷

১৬ অক্টোবৰৰ পুৱা কীৰ্তন ঘৰত নাম-প্ৰসংগৰে আৰম্ভ হ'ব দ্বিতীয় দিনৰ কাৰ্যসূচী ৷ বিয়লি ৪-০০ বজাত সত্ৰৰ টুপৰ চোতালত নাম পৰিবেশন কৰিব আইসকলে ৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে গুৰুজনালৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিচত জন্মোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰিব ৷ ইপিনে , শ্ৰীমন্ত শংকৰদেৱে বৰপেটাত প্ৰবেশ কৰিয়েই প্ৰথম খোজ পেলোৱা চিনপৰা ভিঠিত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা পালন কৰা হৈছে গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

উল্লেখ্য যে , গুৰুজনাই উজনি অসমৰ ধুৱাহাটা বেলগুৰিৰ পৰা ভকত সমন্বিতে ভটিয়াই আহি বৰপেটাত প্ৰৱেশ কৰোতে পালেংদিবাৰীৰ চূণপোৰাত পাঁচটা শুভ চিন দেখি নাও ৰখাই তাত পদাৰ্পণ কৰে ৷ গুৰুজনাই প্ৰায় ছমাহ কাল বসতি কৰা এই ঐতিহ্য মণ্ডিত চূণপোৰা থানেই পৰৱৰ্ত্তী সময়ত চিনপৰা ভিঠি থান হিচাপে পৰিচিত হয় ৷ গুৰুজনাৰ স্মৃতি বিজড়িত এই চিনপৰা ভিঠি থানতে বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ উদ্যোগত আৰু চিনপৰা ভিঠি থানৰ সমূহ ভকতৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷

কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'য় ৷ এই কাৰ্যসূচী ৰূপায়ণ কৰে স্বচ্ছ বৰপেটা' নামৰ এটা স্বেচ্চাসেৱী সংগঠনে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় গছপুলি ৰোপণ কাৰ্যসূচী ৷ পুৱা ৯-৩০ বজাত ধৰ্মধ্বজা উত্তোলন কৰে আবিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ দিনৰ ১০ বজাত উলিওৱা হয় ভাগৱত ভ্ৰমণ ৷ ভাগৱত ভ্ৰমণ কাৰ্যসূচী উদ্বোধন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ৷

বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ'য় আইসকলৰ নাম ৷ আইসকলৰ নাম উদ্বোধন কৰে বৰপেটা জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰিয়ম পাঠকে ৷ কাইলৈ পুৱা প্ৰাত প্ৰসঙ্গ আৰু নিত্য- নৈমিত্তিক প্ৰসঙ্গৰ পিচতে গায়ন বায়নৰ প্ৰসঙ্গ আৰু চৰিত পাঠ কৰা হ'ব ৷ চৰিত পাঠ কৰিব পুখুৰীৰ পাৰৰ বাহাৰ ভকত জগত চন্দ্ৰ ডেকাই ৷ বিয়লি ৩- ৩০ বজাত অনুষ্ঠিত হ'ব ধৰ্মালোচনা সভা ৷ বিশিষ্ট সাহিত্যিক, শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া ধৰ্মালোচনা সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে ৷

বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ বাবুল চন্দ্ৰ দাস আৰু নগাওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ভৱজিৎ বায়নে নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰিব ৷ সন্ধিয়া সমগ্ৰ চৌহদতে ৫৭৩ গছি বন্তি প্ৰজ্বলন কৰা হ'ব ৷ বন্তি প্ৰজ্জ্বলনৰ পিচতে থিয়নামেৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি পৰিব ৷

থিয় নাম সমাৰোহ উদ্বোধন কৰিব অসম বিত্তীয় উন্নয়ন নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাসে ৷ আনহাতে বৰপেটা চহৰৰ মৰানদীৰ পাৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ ৷ কাইলৈ এই আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি পৰিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in