চৰাঞ্চলৰ কৃষি পথাৰত বন্য হস্তীৰ বিচৰণ…

চৰাঞ্চলৰ কৃষি পথাৰত বন্য হস্তীৰ বিচৰণ…

ডিজিটেল সংবাদ নগৰবেৰাঃ বৰপেটাৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চলৰত বন্য হস্তীৰ বিচৰণ। আতংকিত গঞা ৰাইজ। উত্তৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ দুটাকৈ বনৰীয়া হাতী উপস্থিত দক্ষিণ প্ৰান্তৰ কেদেগী চৰত। বনৰীয়া হাতীয়ে নষ্ট কৰিছে চৰাঞ্চলৰ বহু কৃষি পথাৰ। সম্প্ৰতি কেদেগী চৰতে অৱস্থান কৰিছে হাতী দুটাই। বন্য হস্তী বিচৰণৰ খবৰ পাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মী ততাতৈয়াকৈ উপস্থিত হয় উক্ত স্থানত। শীঘ্ৰে বনৰীয়া হাতী দুটাক নিৰাপদ স্থানলৈ নিবলৈ বন বিভাগৰ লগতে জিলা প্ৰশাসনক দাবী জনাইছে চৰৰ ৰাইজে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in