কনৰা সত্ৰৰ পৰা চোৰে লৈ গ’ল সোণ, ৰূপৰ অলংকাৰসহ বহু মূল্যবান সম্পদ…

কনৰা সত্ৰৰ পৰা চোৰে লৈ গ’ল সোণ, ৰূপৰ অলংকাৰসহ বহু মূল্যবান সম্পদ…

ডিজিটেল সংবাদ বৰপেটাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু আতাপুৰুষসকলৰ স্মৃতি বিজড়িত সত্ৰ , নামঘৰেৰে পৰিৱেষ্টিত বৰপেটা চহৰৰ প্ৰতিখন সত্ৰ , প্ৰতিটো নামঘৰ এতিয়া অসুৰক্ষিত তথা বিপদাপন্ন ৷ কিয়নো সত্ৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান স্বৰূপ সত্ৰনগৰী বৰপেটাৰ সত্ৰ নামঘৰত অব্যাহত আছে চোৰৰ লুটপাত ৷ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চোৰে চহৰখনৰ ইখনৰ পিচত সিখন সত্ৰত চলাইছে লুটপাত ৷

বিগত সময়চোৱাত চহৰখনৰ কেবাটাও নামঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিচত এইবাৰ চোৰৰ লুটপাত চলালে শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতা স্থাপিত কণৰা সত্ৰত ৷ চহৰখনৰ গণককুছিস্থিত ঐতিহ্য মণ্ডিত সত্ৰখনত দেওবাৰে নিশা চোৰে লুটপাত চলাই সোণ, ৰূপৰ অলংকাৰৰ লগতে বহু মূল্যৱান সম্পদ চোৰ কৰি লৈ যায় ৷ যোৱা ২ এপ্ৰিলৰ নিশাও শ্ৰীশ্ৰীনাৰায়ণ দাস ঠাকুৰ আতা স্থাপিত কনৰা সত্ৰত প্ৰৱেশ কৰিছিল চোৰে ৷

অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত চুৰি কৰি নিব বিচৰা সোণ-ৰূপৰ আ-অলংকাৰ,ফুল আদি এৰি চোৰে লৈ অহা চাইকেল আদি থৈ পলায়ন কৰিছিল ৷ আশ্চৰ্যকজনকভাৱে বৰপেটা সদৰ থানাৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগত অৱস্থিত সত্ৰখনত যোৱা নিশা পুনৰ চুৰি কাণ্ড সংঘটিত কৰে চোৰে ৷ দেওবাৰে নিশা সত্ৰৰ কীৰ্তন ঘৰৰ মূল দুৱাৰৰ তলা ভাঙি চোৰে ৫ যোৰ ভোৰতাল, ৩ যোৰ খুটি তাল, প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ ৰূপৰ হাৰ, ৫ টা সোণৰ ফুল আদি চুৰি কৰি নিয়ে ৷

সোমবাৰে পুৱা সত্ৰখনৰ পালাধৰীয়াগৰাকী উপস্থিত হৈ কীৰ্ত্তনঘৰৰ মূল দূৱাৰৰ তলা ভাঙি পৰি থকা প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে পালাধৰাগৰাকীয়ে সত্ৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকক খবৰ দিয়ে ৷ পিচক পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত হৈ বৃহৎ পৰিমাণৰ সম্পদ চুৰি হোৱা বুলি নিশ্চিত হয় ৷ ইতিমধ্যে, সত্ৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে ৷

তাৎপৰ্যপূৰ্ণভাৱে বৰপেটা চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাৰ বিভিন্ন সত্ৰ ,নামঘৰ, কীৰ্তনঘৰ, থান আদিত সঘনাই সংঘটিত হৈ অহা লুটপাতৰ ঘটনাৰ প্ৰতিবাদৰ লগতে ধৰ্মীয় অনুষ্ঠানসমূহৰ সুৰক্ষাৰ দাবীত বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ আহ্বানমৰ্মে যোৱা ৬ এপ্ৰিলত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বৰপেটা সত্ৰৰ লগতে নিকটৱৰ্তী সত্ৰ, নামঘৰ, কীৰ্তনঘৰ, থান আদিৰ ভকত-ভকতনী, আইসকল-বাপু সকলে অংশগ্ৰহণ কৰিছিল ৷ কিন্তু ইমানৰ পিচতো সত্ৰ-নামঘৰ আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ব্যাপক চৰ্চা হৈছে ৷

ইপিনে দেওবাৰে নিশা কনৰা সত্ৰত পুনৰ চুৰি কাণ্ড সংঘটিত হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসে কয় যে- সত্ৰ , নামঘৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনতে বৰপেটাত সত্ৰ , নামঘৰ চোৰৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৷ এয়া দুৰ্ভাগ্যজনক বুলি আখ্যা দি আছু নেতা গৰাকীয়ে কয় যে, বৰপেটা চহৰৰ মাজমজিয়াত থকা সত্ৰ, নামঘৰ সমূহক আৰক্ষীয়ে সুৰক্ষা দিব নোৱাৰাটো দুখৰ বিষয় ৷

এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাসে কয় যে, এয়া এক বৃহৎ চক্ৰান্তকাৰীৰ গোপন এজেণ্ডা ৷ তেওঁ এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে চৰকাৰৰ ভূমিকাকো সমালোচনা কৰে৷ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ গায়নে কয় যে, বৃহত্তৰ বৰপেটাৰ সত্ৰৰ কীৰ্তন ঘৰ সমূহত পৰিকল্পিত ভাবে আক্ৰমণ চলিছে। এই কথাই প্ৰতিজন বৰপেটীয়াক শংকিত কৰিছে বুলি উল্লেখ কৰি গায়নে কয় যে, অতি হিন্দুত্ববাদী এখন চৰকাৰ অধিষ্ঠিত হৈ থকাৰ সময়তো আমি আমাৰ সত্ৰসমূহ সুৰক্ষিত হিচাপে ৰাখিব নোৱাৰাতো পৰিতাপৰ বিষয়।

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে বৃহত্তৰ বৰপেটাৰ প্ৰতিখন সত্ৰৰ কীৰ্তন ঘৰত নিশা আৰক্ষী পহৰাৰ ব্যৱস্থা কৰাৰ লগতে চোৰৰ নামত এক পৰিকল্পিত আক্ৰমণ নেকি তাৰো এক নিৰপেক্ষ তদন্ত কৰিবলৈ দাবী জনায় ৷ ঘটনা সন্দৰ্ভত হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা শাখাৰ সম্পাদক ৰূপজিৎ দাসে গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in