বৰপথাৰৰ বিশিষ্ট সমাজ সেৱক-শিক্ষক-ক্ৰীড়া সংগঠক দণ্ডধৰ গগৈৰ দেহাৱসান…

বৰপথাৰৰ বিশিষ্ট সমাজ সেৱক-শিক্ষক-ক্ৰীড়া সংগঠক দণ্ডধৰ গগৈৰ দেহাৱসান…

ডিজিটেল সংবাদ, সৰুপথাৰ: ধনশিৰি মহকুমাৰ বৰপথাৰ চাংপুলৰ নিৱাসী তথা একেধাৰে শিক্ষক, কবি, ক্ৰীড়া সংগঠক দণ্ডধৰ গগৈৰ ১৪ জানুৱাৰীত পৰলোক প্ৰাপ্তি ঘটে। বৃক্ক ৰোগত আক্ৰান্ত হোৱাত কেইবাখনো চিকিৎসালয়ত চিকিৎসা কৰিও সুফল লাভ নকৰাত নিজা বাসগৃহলৈ ঘূৰি অহাৰ পাচত তেওঁৰ মৃত্যু হয়।

জ্ঞানপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত দণ্ডধৰ গগৈয়ে বৰপথাৰ শাখা সাহিত্য সভাৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব সুকলমে পালন কৰি গৈছিল। ধনশিৰি মহকুমাৰ শিক্ষক সংগঠনৰো দায়িত্ব লৈ থকা গগৈয়ে বহু কবিতা ৰচনা কৰাৰ লগতে দৈনিক বাতৰি কাকততো সংবাদ সেৱা আগবঢ়াইছিল। তদুপৰি বৰপথাৰ অঞ্চলৰ এজন সফল ক্ৰীড়া সংগঠক আছিল।

নাটক ৰচনা কৰায়েই নহয় বহু নাটক-ভাওনাত অভিনয়ো কৰিছিল সৰবৰহী ব্যক্তি গৰাকীয়ে। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বহু গুনমুগ্ধয়ে বাসগৃহলৈ গৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা আৰু মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু এটি কণমানি নাতিক এৰি থৈ যায়। তেওঁৰ মৃত্যুত বহু দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in