বৰহোলাৰ নগাবাটত মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ…

বৰহোলাৰ নগাবাটত মাৰণাস্ত্ৰসহ এজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমাৰ বৰহোলাৰ নগাবাটত যোৰহাট আৰু বৰহোলা আৰক্ষীয়ে যুটীয়া অভিযান চলাই বুবুল চুতীয়া নামৰ এজন অবৈধ সৰবৰাহকাৰীক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত যোৰহাট আৰু বৰহোলা আৰক্ষীৰ দলটোৱে নগাবাট মিলনভূমি গাঁৱৰ বুবুল চুতীয়াৰ ঘৰত অভিযান চলাই এটা .২২ বল্ট এক্সন ৰাইফল জব্দ কৰে।

ৰাইফলটো বুবুল চুতীয়াই দুজন ব্যক্তিক এক লাখ টকাত বিক্ৰী কৰিবলৈ যো-জা চলোৱাৰ অৱস্থাতে আৰক্ষীয়ে কৌশলেৰে জালত পেলায়। মাৰনাস্ত্ৰটো ক্ৰয় কৰিবলৈ অহা এজন গোলাঘাট আৰু আনজন নাগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ লুঙিটা বস্তিৰ বুলি জানিব পৰা গৈছে।

বন্দুক কিনিবলৈ অহা লোক দুজনে আৰক্ষী উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ইফালে বুবুল চুতীয়াক দুৰ্ধষ অস্ত্ৰ সৰবৰাহ কাৰীটোক আৰক্ষীয়ে মাৰনাস্ত্ৰসহ হাতে লুটে গ্ৰেপ্তাৰ কৰি ১১০/২০২০ নং গোচৰত আজি জে'ল লৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in