বৰহোলাত শোকাকুল পৰিবেশত জয়ন্ত বৰাৰ আদ্যশ্ৰাদ্ধঃ দোষীৰ উচিত শাস্তি বিচাৰি কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ…

বৰহোলাত শোকাকুল পৰিবেশত জয়ন্ত বৰাৰ আদ্যশ্ৰাদ্ধঃ দোষীৰ উচিত শাস্তি বিচাৰি কাষ চাপিব উচ্চতম ন্যায়ালয়ৰ…


ডিজিটেল সংবাদ বেকাজানঃ এক শোকাকুল পৰিবেশৰ মাজত বুধবাৰে সেনা -আৰক্ষীৰ অকথ্য নিৰ্যাতনত মৃত্যু বৰণ কৰা বৰহোলাৰ বালিজানৰ প্ৰয়াত জয়ন্ত বৰাৰ গৃহত অনুষ্ঠিত হয় আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান । শোকস্তব্ধ পৰিবেশত পুৱা দহবজাত গাঁওবাসী আৰু দহটা দল -সংগঠনৰ যৌথ মঞ্চ জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতিৰ উদ্যোগত প্ৰয়াত জয়ন্ত বৰাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আহবায়ক সমিতিৰ সভাপতি নৰেন বৰা , বিদ্যুত শইকীয়াই ।

ইয়াৰ পিছত জয়ন্ত বৰাৰ আত্মাৰ সদগতিৰ অৰ্থে সামূহিক নাম প্ৰসংগ হয় । দুপৰীয়া এক বজাত নৰেন বৰাৰ সভাপতিত্বত জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায় দাবী সমন্বয় সমিতিৰ আৰু বৰহোলাবাসী ৰাইজৰ সহযোগত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিদ্যুত শইকীয়াই প্ৰতিবাদী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে অসম চৰকাৰে তদন্তৰ গতি লেহেমীয়া কৰাৰ পৰাই এটা কথা স্পষ্ট হৈছে জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায় প্ৰাপ্তি দীঘলীয়া হ'ব ।

গতিকে জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায়ৰ সংগ্ৰামখন এতিয়া পূৰ্বতকৈ শক্তিশালী ৰূপত আগবঢ়াই নিব লাগিব ‌। সেনা – আৰক্ষীয়ে জয়ন্ত বৰাক ঘৰৰ পৰা উঠাই নিয়াৰ মাত্ৰ ৩৪ মিনিটতৰ ভিতৰতে মৃত্যু হোৱা এটা কথা স্পষ্ট কৰিছে তেওঁলোকে কিমান নৃসংশ অত্যাচাৰ চলাইছিল । আনহাতে মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা , যোগেন মহন আৰু সাংসদ তপন গগৈয়ে ১৬ জুনত আহি ৰাইজৰ সন্মুখত সাতদিনৰ ভিতৰত প্ৰতিবেদন প্ৰকাশ কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল ; কিন্তু মৃত্যুৰ আজি ১৬ দিন পাৰ হৈ যোৱাৰ পাছত তদন্ত প্ৰতিবেদনৰ একো কথাই প্ৰকাশ নকৰিলে ।

আনকি আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দিনা প্ৰশাসন আৰু চৰকাৰৰ কোনোলোকে মাতৃৰ লীলা বৰাৰ দুখৰ সমভাগী আৰু খবৰ ন'ললে । প্ৰতিবাদী সভাত অতিথি হিচাপে উপস্থিত থাকি যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই কয় – জয়ন্ত বৰাৰ হত্যাকাণ্ড সেনা-আৰক্ষীৰ এক বৰৰ্ব হত্যাকাণ্ড । যেতিয়া কোনোবাই চৰকাৰৰ বা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদী কৰে তেতিয়াই তেওঁক হত্যা কৰা হয় ।

জয়ন্ত বৰায়ো আৰক্ষীৰ দুৰ্নীতি বিষয়ে প্ৰতিবাদ কৰিছিল যাৰ বাবে তেওঁক হত্যা কৰা হ' ল । ২০১৪ চনৰ পৰাই চৰকাৰে বিভিন্ন সময়ত প্ৰতিবাদ কৰাৰ বাবে সাংবাদিক আৰু বুদ্ধিজীৱীক হত্যা কৰি আহিছে । এটা হত্যাকাণ্ডৰ ন্যায়ৰ বাবে আমাৰ দেশত বহুত সংগ্ৰাম কৰিব লগা হয় যাৰ বাবে মই এগৰাকী আইনৰ ছাত্ৰ হিচাপে আইনৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাওঁ । কিন্তু এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰিট পিটিচনে আমাক সেই বিশ্বাস ঘূৰাই আনিছে ।

ৰিট পিটিচনৰ জৰিয়তে আমি ন্যায় লাভ কৰিব পাৰো । যদি চৰকাৰে জয়ন্তৰ হত্যাকাৰীক তথা দোষীক শাস্তি প্ৰদানত ব্যৰ্থ হয় তেনেহলে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম । বৰ্তমান চৰকাৰৰ পৰা আমি ন্যায় লাভ কৰা আশা ক্ষীণ কিয়নো বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত এক শতাংশও মিল নাই । বৰাই আৰু কয় যে চৰকাৰে আচল ৰহস্যৰ জনাবৰ শ্বেতপত্ৰ প্ৰকাশ কৰিম বুলি কৈছে । যদি নকৰে আমি উচ্চতম ন্যায়ালয়ত ৰিট পিটিচন দিম। অধিবক্তা হেমেন বৰাই জয়ন্তৰ মাতৃক বিনামূলীয়া আইনী যুজঁৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি সভাত ঘোষণা কৰে ।

ইপিনে এই আদ্যশ্ৰাদ্ধৰ প্ৰতিবাদ সভাত অংশ লৈ যোৰহাট লেখক – সাংবাদিক দিব্যজ্যোতি শৰ্মাই উদাত্ত ভাষণেৰে কয় -নীৰিহ নাগৰিকৰ হত্যা কৰা সকলেই যদি আইনৰ ৰক্ষক হয়। এইসকলৰ হাততেই যদি দেশৰ দায়িত্ব অৰ্পণ কৰা হয় আমি সৰ্বসাধাৰণ ৰাইজে কেনেকৈ সুৰক্ষিত অনুভৱ কৰিম ? আমাক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কেনেকৈ সুৰক্ষা প্ৰদান কৰিব ? শৰ্মাই আৰু কয় যে বালিজানৰ দৰে সৰু গাঁৱৰ এখনৰ নি:কিন পৰিয়ালৰ জয়ন্ত বৰাই ৰাষ্ট্ৰযন্ত্ৰৰ বাবে এনে কি ভয়ংকৰ বিপদ আছিল , যাক মাৰি নেপেলালে দেশখন বাচি নাথাকিব । নে জয়ন্তই স্বাধীনতাৰ কথা কৈছিল। জয়ন্ত বৰাক সেনা আৰক্ষীয়ে কিয় হত্যা কৰিলে এই কথা ৰাইজক জনাব লাগিব ।

জয়ন্ত বৰাৰ হত্যাৰ পিছত অসমৰ চৰকাৰৰ দুজন মন্ত্ৰীয়ে ক্ষতিপূৰণ দিবলৈ দৌৰি আহিল কিন্তু আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধত বাকৰুদ্ধ মাতৃ লীলা বৰা আৰু আইতা ললেশ্বৰী কছাৰীৰ খবৰ লবলৈ কাৰো আহৰি নহ'ল । গতিকে আজিৰ জয়ন্ত বৰাৰ আদ্যশ্ৰাদ্ধৰ গণ প্ৰতিবাদ সভাত ৰাইজৰ সংকল্প লৈছে যেতিয়ালৈকে জয়ন্ত হত্যাকাণ্ডৰ ন্যায় নাপাব আৰু দোষীসকলে উপযুক্ত শাস্তি নাপাব তেতিয়ালৈ এই সংগ্ৰাম চলি থাকিব । ন্যায়ৰ ৰাইজ জয়ী হবই লাগিব ।

সভাত জ্যেষ্ঠ সাংবাদিক উৎপল বৰাই ৰাইজক জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায়ৰ বাবে সকলো দল সংগঠনক একত্ৰিত হৈ যুজঁ দিবলৈ আহবান জনায় । উল্লেখযোগ্য যে আজিৰ জয়ন্ত বৰাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ প্ৰতিবাদী সভাত বৰহোলাৰ সাংবাদিক সন্থাৰ সভাপতি মণ্টুচ কোঁৱৰ , অজয় শইকীয়া, তিতাবৰ সাংবাদিক সন্থাৰ চিত্তকমল বেজবৰা অমৰজিত ৰাজপুত্ৰ ছাজিদ হুছেইন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক কাশ্যপ নন্দন কলিতা, যোৰহাট জিলাৰ নেতা প্ৰমোদ গগৈ, ৰাজীৱ চুতীয়া গঞা মুক্তিৰ লু চ্যুন বৰ গোহাঁই , দীপ সোণোৱাল, চুতীয়া ছাত্র সন্থাৰ ৰাজ বাঢ়ৈ বৰা , অংশুমান শইকীয়া , , যুৱ ছাত্ৰৰ মিলন গগৈ, বিজু শইকীয়া ছাত্ৰ মুক্তিৰ অংকুৰ সোণোৱাল , ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ শান্তুনু শইকীয়া, নিৰ্বাণ কছাৰী আৰু দুই শতাধিক ৰাইজ উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in