বঢ়মপুৰত ২ বন্যহস্তীৰ তাণ্ডৱ, নিতৌ ভাঙিছে বহু লোকৰ বাসগৃহ…

বঢ়মপুৰত ২ বন্যহস্তীৰ তাণ্ডৱ,  নিতৌ ভাঙিছে বহু লোকৰ বাসগৃহ…

ডিজিটেল সংবাদ , বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । সমষ্টিটোত প্ৰতিবছৰেই বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও আজি পৰ্য্যন্ত বনবিভাগ তথা চৰকাৰে স্থায়ী সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ ফলত আজিও সমষ্টিটোৰ অধিকাংশ অঞ্চলৰ ৰাইজে দুৰ্ভোগ ভোগাই নহয় , নিশা হ'লেই উজাগৰে কটাবলগীয়া হৈছে ।

দৰাচলতে সমষ্টিটোৰ অন্তৰ্গত কন্দলী , চাপানালা , তপতজুৰি আদি পাহাৰত খাদ্যৰ অভাৱতে সততে জনাঞ্চলত বন্যহস্তীয়ে প্ৰৱেশ কৰি প্ৰতিবছৰেই বহুলোকৰ যথেষ্ঠ ক্ষতিসাধন কৰি আহিছে । হাতীৰ আক্ৰমণত ইতিপূৰ্বে কেইবাজনো লোক মৃত্যুমুখত পৰিছে । শেহতীয়াকৈ বঢ়মপুৰৰ ঘোগৰগাঁও , শিৱস্থান , আদৰ্শগাঁও আদিত ২ বন্যহস্তীয়ে বহুলোকৰ ঘৰ-দুৱাৰ , গছ-গছনি ভাঙি বিস্তৰ ক্ষতিসাধন কৰা বুলি খবৰ পোৱা গৈছে ।

জানিব পৰা মতে , যোৱানিশা প্ৰায় ২ বজাত বঢ়মপুৰৰ ১ নং ঘোগৰগাঁৱৰ ববী বৰাৰ সুলভ মূল্যৰ দোকানৰ বেৰ ভাঙি তিনি বস্তা চাউল খায় । সেইদৰে একেখন গাঁৱৰে অকলশৰীয়া বৃদ্ধা ৰেণু হাজৰিকা , পূৰ্ণকান্ত বৰা আৰু কুন্তি বৰাৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে । একেদৰে আদৰ্শগাঁৱৰ বিপুল শইকীয়াৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ গছ-গছনি ভাঙে আৰু প্ৰশান্ত বৰাৰ তিনি কঠা মাটিৰ কঠিয়া খাই অনিষ্ট সাধন কৰে ।

ইফালে পৰহি নিশা শিৱস্থান বাগানৰ নিৰঞ্জন ভূমিজৰ বাসগৃহ ভাঙি চাৰিবস্তা ধান খায় আৰু অজিত মাঝিৰ বাসগৃহ ভাঙি ধান খায় বুলি জানিব পৰা গৈছে। বৰ্তমান হাতীদুটা ঘোগৰগাঁৱৰ এডৰা জাৰণিত অৱস্থান কৰি আছে যদিও নিশালৈ পুনৰ অঞ্চলটোত সন্ত্ৰাস চলোৱাৰ আশংকা কৰি গঞাৰাইজ শংকিত হৈ পৰিছে । ইফালে বনবিভাগৰ লোক এই বাতৰি যুগুতোৱা পৰলৈকে অঞ্চলটোত উপস্থিত হোৱা নাই বুলি স্থানীয় লোকে জানিবলৈ দিছে । উল্লেখ্য যে , বন্যহস্তীয়ে যোৱা বছৰ ক্ষতিসাধন কৰা একাংশ পৰিয়ালে আজিলৈকে চৰকাৰীভাৱে কোনোধৰণৰ সাহায্য পোৱা নাই বুলি অভিযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in