থানাৰ পৰা অন্তৰ্ধান মুকবধিৰ যুৱক, বৰহোলা থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ দুৰ্ভগীয়া পৰিয়ালৰ

থানাৰ পৰা অন্তৰ্ধান মুকবধিৰ যুৱক,  বৰহোলা থানা ঘেৰাও কৰি উত্তাল  প্ৰতিবাদ দুৰ্ভগীয়া পৰিয়ালৰ

ডিজিটেল সংবাদ, বেকাজানঃ গোলাঘাট জিলাৰ ৱাটিঙৰ এগৰাকী মুকবধিৰ যুৱক গৌতম লিম্বু যোৱা ২১ জুলাইত বৰহোলা থানাৰ পৰাই ৰহস্যজনকভাৱে নিখোজ হোৱাৰ পিছত আৰক্ষীয়ে যুৱকজনৰ কোনো সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত সোমবাৰে দুৰ্ভগীয়া পৰিয়ালটোৱে বৰহোলা থানা ঘেৰাও কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। জানিব পৰা মতে মুকবধিৰ যুৱকজনক বৰহোলা বছা গাঁৱৰ এজন যুৱকে তেওঁৰ ঘৰৰ সন্মুখত ৰৈ থকা অৱস্থাত লগ পাই বৰহোলা থানাত চমজাই দিছিল। কিন্তু বৰহোলা আৰক্ষীৰ দায়িত্বহীনতাৰ বাবে পৰিয়ালক ছমজায় দিয়া পূৰ্বে থানাৰ পৰাই যুৱকজন সন্ধানহীন হৈ পৰে। আৰু তেতিয়াৰ পৰাই এমাহ ধৰি কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকসকল মানসিকভাৱে ভাগি পৰিছে। ফলত সোমবাৰে পৰিয়ালৰ লোকসকলে ক্ষুব্ধ হৈ বৰহোলা থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

পৰিয়ালটোৰ এনে প্ৰতিবাদৰ খবৰ পাই তিতাবৰ মহকুমাৰ দণ্ডাধিশ ৰাজা বৈশ্য উপস্থিত হৈ পৰিয়ালৰ সৈতে আলোচনাত মিলিত হয়। আৰু এপ্তাহৰ ভিতৰত যুৱকজনক সন্ধান উলিয়াই পৰিয়ালক চমজায় দিয়াৰ আশ্বাস দিয়ে। ইফালে বৰহোলা থানাৰ বিষয়া গৰাকীৰ দায়িত্বহীনতাৰ লিম্বু পৰিয়ালে ইতিমধ্যে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ ওচৰত এক গোচৰ পঞ্জীয়ন কৰিছে। লগতে যোৰহাটৰ আৰক্ষী অধীক্ষকো বিষয়টো অৱগত কৰিছে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে বৰহোলা থানাই যুৱকজনক চিকিৎসাৰ বাবে যোৰহাটলৈ লৈ যোৱা অৱস্থাত গাড়ীৰ পৰা পলাই যায় বুলি অৱগত কৰিছিল। যিহেতুকে যুৱকজন মুকবধিৰ গতিকে তেওঁক চিকিৎসাৰ বাবে নিয়া হৈছিল। উল্লেখযোগ্য যে, যুৱকজন গাড়ীৰ পৰা পলায়ন কৰা ঘটনাটোৰ কি ৰহস্য জড়িত হৈ থাকিব পাৰে তাকলৈ পৰিয়ালে আচৰিত হৈছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বৰহোলাৰ যুৱ ছাত্ৰ পৰিষদৰ নেতা ব্যাসদেৱ শইকীয়া বুলি পৰিচয় দি নিৰুদ্দেশ হৈ থকা যুৱকজনৰ দুদিনৰ ভিতৰত সন্ধান কৰি আনি দিয়াৰ দায়িত্ব লয়। জানিব পৰা মতে সেই নেতাজন থানাৰ ছেকেণ্ড অফিচাৰ ফিৰদোচ আহমেদৰ অতি ঘনিষ্ঠ। অথচ বিষয়া গৰাকীয়ে মুকবধিৰ যুৱকজনৰ দায়িত্ব লৈছিল। সোমবাৰে যুৱকজনৰ পৰিয়ালৰ সদস্যসকলৰ লগতে আত্মীয় কুটুম্ব লগ লাগি বৰহোলা থানা ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে।

তেওঁলোকে যুৱকজনৰ সন্ধান দিবৰ বাবে দাবী জনায়। উল্লেখযোগ্য যে, বৰহোলা কেইবাজনো সচেতন ৰাইজে এইবুলি অভিযোগ তুলিছে যে, কিছুদিনৰ পৰা থানা ভিতৰ সৃষ্টি হোৱা বিশৃংখল পৰিবেশ আৰু জাতীয়তাবাদী নামধাৰী একাংশ ভণ্ড নেতাই একাংশ আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবেই এনেবোৰ ঘটনা বৃদ্ধি পাইছে। বৰহোলা আৰক্ষীৰ এই সোপাধিলা নীতিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ বিষয় ববীয়াইয়ো তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in