বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ

বৰহোলাত জোতাৰ দোকানত  পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা এটি আৰক্ষী দলে সোমবাৰে বৰহোলা চাৰি আলিৰ এখন জোতা দোকানত অভিযান চলাই এটা ইটালীত নিৰ্মিত ৭.৬ পিষ্টল আৰু ৩২ জাই গুলী উদ্ধাৰ কৰা  ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।  বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সোমবাৰে পুৱা আৰক্ষীয়ে বৰহোলাৰ জোতা ব্যৱসায়ী বাইজু কুমাৰ শ্বাহৰ দোকানত  অভিযান চলায় তাত চন্দন ফুকন নামৰ যুৱকজনে লুকাই ৰখা মাৰণাস্ত্ৰটো গুলীসহ জব্দ কৰে। 

আৰক্ষীয়ে শ্বাহৰ দোকানৰ এটা পেছাৰ কুকাৰৰ ভিতৰত চিন্থেটিক বেগত নাইন এম এমৰ ৩২ গুলী উদ্ধাৰ কৰে। এই সংক্ৰান্তত বৰহোলা আৰক্ষীয়ে চন্দন ফুকন আৰু বাইজু শ্বাহক অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, বৰহোলা অঞ্চলত সোমবাৰে দীৰ্ঘদিনৰ পৰা একাংশ ধনী ঘৰৰ ড্ৰাগছ আসক্ত যুৱকে  নাগালেণ্ডৰ অবৈধ মাৰণাস্ত্ৰ আনি ৰমৰমীয় ব্যৱসায় চলাই  থকাৰ  গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in