বৰহোলাত অ’এন জি চিৰ চাকৰি দিয়াৰ নামত ব্যাপক অনিয়ম! উপায়ুক্তৰ হস্তক্ষেপৰ দাবী বঞ্চিত প্ৰাৰ্থীৰ…

বৰহোলাত অ’এন জি চিৰ  চাকৰি দিয়াৰ নামত ব্যাপক অনিয়ম! উপায়ুক্তৰ হস্তক্ষেপৰ দাবী বঞ্চিত প্ৰাৰ্থীৰ…

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলাৰ শিলডুবিস্থ অ' এন জি চিৰ, জি জি এছত কনটেকচুৱেল ভিত্তিৰ টেকনিকেল আৰু ননটেকনিকেল পদত নিযুক্তিৰ নামত বৃহৎ অনিয়ম আৰু কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি ২০১৯ চনৰ জুন-জুলাই মাহত তিতাবৰ মহকুমাৰ বৰহোলাৰ শিলডুবিত থকা অ'এন জি চিৰ জি জি এছত পূৰ্বৰ এয়াৰ প্ৰডাক্ট কোম্পানীটোৰ ঠাইত মুম্বাইৰ 'হল' নামৰ নতুন কোম্পানীটোৱে ঠিকা লাভ কৰে ।

এই কোম্পানীটোৱে অ' এন জি চিৰ গেছ গ্ৰেদাৰিঙ ষ্টেচনত কাম কৰিব বাবে স্থানীয় বৰহোলাৰ অঞ্চল অৰ্ধ শতাধিক আই আই টিৰ প্ৰশিক্ষণ প্ৰাপ্তৰ নিবনুৱা যুৱকক নিযুক্তিৰ ব্যৱস্থা কৰিছিল । কিন্তু এই নিযুক্তিত প্ৰক্ৰিয়াটোত প্ৰথমে নিজৰ প্ৰভূত্ব খটুৱাই শিলডুবি নিবনুৱা সন্থা নামৰ সংগঠনটোৱে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ নকৰি নিজৰ খেয়াল খুচিমতে প্ৰপত্ৰ প্ৰদান কৰি নিজৰ পচন্দৰ একাংশ বছা বছা ৫ জন প্ৰাৰ্থীক নিযুক্তি দিয়ে। ফলত বৰহোলা অঞ্চলৰ পূৰ্বে কন্টিজেন ৱৰ্কাৰ হিচাপে কৰ্মৰত হৈ থকা কৰ্মীসকল বঞ্চিত হ'ব লগা হয় ।

আনহাতে এই নিযুক্তিৰ নামত বৰহোলাৰ এটা জাতীয়তাবাদী সংগঠনৰ এগৰাকী নেতাও নিজৰ প্ৰভুত্ব খটুৱাই ৮ জন যুৱকক গোপন লেন-দেনৰ জৰিয়তে নিযুক্তি দিয়ে । জানিব পৰামতে ইয়াৰ পিছতো কোম্পানীটোৰ উচ্চপদস্থ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি বৰহোলাৰ জাতীয় সংগঠনৰ এই দুজন নেতাই গোপনে পুনৰ তিনিজন নিবনুৱা যুৱকক নিযুক্তি দিয়ে। ইয়াকলৈ দুয়োটা সংগঠনৰ মাজত ব্যাপক খোৱা-কামোৰা আৰু সংঘাতৰ সৃষ্টি হয় ।

ইফালে এই তিনিজন যুৱকে নিযুক্তি পত্ৰ লাভ কৰাৰ পিছত শিলডুবিত যোগদান কৰিবলৈ আহি হতাশ হ'বলগা হয় কিয়নো কোম্পানীটোৱে তেওঁ লোকৰ নিযুক্তি বাতিল কৰা বুলি জনায় । জানিব পৰামতে শিলডুবিৰ নিবনুৱা সংগঠনটোৱে এনেদৰে গোপন লেনদেনৰ জৰিয়তে হোৱা নিযুক্তি লাভ কৰা প্ৰাৰ্থীক যোগদানত বাধা প্ৰদান কৰাৰ ওপৰিও পূৰ্বৰ কন্টিজেন কৰ্মচাৰীসকলক অভিজ্ঞতাৰ ভিত্তিত নিযুক্তিত অগ্ৰাধিকাৰ নিদিলে জি জি এছ বন্ধ কৰি দিব বুলি স্পষ্ট কৰি দিয়ে ।

যাৰ পৰিণতিত কোম্পানীটোৱে এনেদৰে যুৱক তিনিজনৰ নিযুক্তি বাতিল কৰে । সম্প্ৰতি ইয়াকলৈ দুয়োটা সংগঠনৰ মাজত তীব্র সংঘাতৰ সৃষ্টি হৈছে । ইফালে বৰহোলাৰ নিবনুৱা যুৱকসকলে এই বুলি অভিযোগ কৰিছে শিলডুবিৰ নিবনুৱা সংগঠনটোৱে সমগ্র বৰহোলা অঞ্চলতে তেলখাদ থকা অ'এন জি চিত নিজৰ পৈতৃক সম্পত্তিৰ দৰে কেৱল শিলডুবি অঞ্চলৰ কেইজনমান বছা বছা যুৱককহে নিযুক্তি দিবলৈ ক'ত আৰু কোনে অধিকাৰ দিলে বুলি প্ৰশ্ন কৰিছে ।

একেদৰে জাতীয় সংগঠনটোক নিবনুৱা যুৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে জাতীয় সংগঠনৰ কাম হৈছে জাতিটোৰ উন্নয়নৰ হকে কাম কৰাৰ । কিন্তু তাকে নকৰি এনে একাংশ পাবতগজা জাতীয়তাবাদী নেতাই সংগঠনৰ আদৰ্শক জলাঞ্জলি দি গোপন নিবনুৱাৰ নিযুক্তিৰ নামত দালালি কৰিবলৈ সংগঠন শীৰ্ষ নেতৃত্বতই কেনেকৈ অধিকাৰ দিছে বুলি প্ৰশ্ন কৰিছে । সম্প্ৰতি বৰহোলাবাসী ৰাইজে এই দুয়োটা সংগঠনৰ গোপন নিযুক্তিৰ দালালি বন্ধ কৰি সম্পূৰ্ণ স্বচ্ছতাৰে নিযুক্তিৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিবলৈ যোৰহাট জিলা উপায়ুক্ত দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in