বৰহোলাত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ প্ৰচাৰ তুংগত…

বৰহোলাত বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ প্ৰচাৰ তুংগত…

ডিজিটেল সংবাদ, বেকাজানঃ নিৰ্বাচনলৈ আৰু মাত্ৰ ৯টা দিন বাকী থকা অৱস্থাত তিতাবৰ সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কংগ্ৰেছৰ বিশ বছৰীয়া শাসনৰ অন্ত পেলাই তিতাবৰ সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হেমন্ত কলিতাক জয়ী কৰিবলৈ উঠি পৰি লাগিছে বিশটা পঞ্চায়তৰ নেতা- কৰ্মীসকল। বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত একাংশ নেতাই অসন্তুষ্ট হ'লেও মঙলবাৰে তিতাবৰ বোকাহোলা চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিত হৈ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী হেমন্ত কলিকতাৰ হৈ প্ৰচাৰ চলোৱাৰ পিছতে এতিয়া বিজেপিৰ নেতা কৰ্মীসকলে গাঁৱে গাঁৱে ব্যাপক উৎসাহেৰে প্ৰচাৰত নামি পৰা দেখা গৈছে।

তিতাবৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই বিগত তিনিটা বছৰত তিতাবৰ সমষ্টিত দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ এগৰাকী বিধায়কৰ দৰে ভূমিকা পালন কৰাৰ ওপৰিও কোভিডৰ জটিল সময়ত হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ কাষত সাহাৰ্য্য লৈ থিয় দিছিল। উল্লেখযোগ্য যে, অসম গণ পৰিষদৰ কাৰ্যকলত বিধায়ক হৈ থকাৰ সময়তে হেমন্ত কলিতাই তিতাবৰৰ বহু নিবনুৱাক স্বচ্ছতাৰে নিযুক্তি দিবলৈ সক্ষম হৈছিল। যাৰ বাবে বিজেপিৰ শীৰ্ষ আৰু কেন্দ্ৰীয় নেতৃত্বতই হেমন্ত কলিকতাৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়।

হেমন্ত কলিতাৰ সবল প্ৰতিদ্বন্দিতাই কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে নিশ্চিত ভাৱে প্ৰত্যাহ্বান সৃষ্টি কৰিব। কিয়নো হেমন্ত কলিতা অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী। যিহেতু তিতাবৰ এতিয়া অসম গণ পৰিষদৰ যথেষ্ট সমৰ্থক আছে। যদি অগপৰ নেতাসকলে লেং নামাৰে তেতিয়া কলিতা কিছু এডভান্টেজ থাকিব। তদুপৰি হেমন্ত কলিতাই এজিপিৰ লগতে তিতাবৰৰ অধিকাংশই চাহ বাগিচাৰ ভোট লাভৰ সম্ভাৱনা আছে ।

তিতাবৰত এইবাৰ হিতাধিকাৰী সৃষ্টি কৰি ইতিমধ্যে ভোট বেংক গঢ়ি তুলিবলৈ সক্ষম হৈছে। অসমীয়া প্ৰতিদিনৰ এই প্ৰতিবেদকক তিতাবৰ বিজেপিৰ মিডিয়া চেলৰ সম্পাদক নবাব মুস্তাফাই জানিবলৈ দিয়া মতে যিহেতু ২০২১ চনত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে সেয়ে তিতাবৰ ৰাইজে তিতাবৰতো এইবাৰ বিজেপিৰ এজন বলিষ্ঠ নেতৃত্বৰ বিধায়ক বিচাৰে । বিগত বিশ বছৰীয়া কংগ্ৰেছৰ শাসনৰ পিছত তিতাবৰৰ ৰাইজে কংগ্ৰেছক নহয় উন্নয়নহে বিচাৰে সেয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত বিগত বিশ বছৰ ধৰি অসম্পূৰ্ণ আৰু আধাৰুৱা হৈ থকা কাম কাজ বিলাক বিজেপিয়ে সম্পূৰ্ণ কৰি তুলিব বিশেষকৈ ১২০ কোটি টকীয়া গ্ৰেটাৰ তিতাবৰ পানী যোগান প্ৰকল্প । যাতে তৰুণ গগৈৰ আত্মাই শান্তি পায় ।

অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্য মাজত সম্প্ৰীতি এনাজৰী আৰু সমন্বয়ৰ জৰিয়তে এক পৰিবেশ সৃষ্টি কৰা হ'ব যাতে শান্তি স্থাপন হয়। এয়াই হ'ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি প্ৰকৃত সন্মান । সেয়ে বিজেপিয়ে ভাৱে তিতাবৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা প্ৰতিদ্বন্দী নহয়। বিজেপি প্ৰাৰ্থী হেমন্ত কলিকতাৰ বাবে মূল যুজঁ হব তিতাবৰ মৌলিক সমস্যাৰ সমাধান ।

আনহাতে, হেমন্ত কলিতাই এইবাৰ মূল্যবোধৰ ৰাজনীতিৰে তিতাবৰৰ উন্নয়নৰ বিশেষ পৰিকল্পনা হাতত লোৱা বুলি জানিবলৈ দিছে । কলিতাই তিতাবৰৰ নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি বিগত কংগ্ৰেছৰ শাসন কালত তিতাবৰ চাকৰি নামত সৃষ্টি হোৱা দালাল চক্ৰটো নোহোৱা কৰা হ'ব বুলি মন্তব্য কৰিছে । ইতিমধ্যে বিজেপিয়ে তিতাবৰৰ বিশখন পঞ্চায়তত প্ৰতিদিনে মাইক্ৰলেভেল সভা অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে । জানিব পৰা মতে, হেমন্ত কলিকতাৰ এই জনসম্পৰ্ক অভিযানে ভোটাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। অৱশ্যে অহা ২৭ মাৰ্চত ভোটদানৰ পিছতহে গম পোৱা যাব তিতাবৰত কোনে জয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in