মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ

মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ  তীব্ৰ প্ৰতিবাদ

মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ  তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গঠন কৰা সমিটিয়ে যি নিৰ্দেশনা ঘোষণা কৰিছে সেই সন্দৰ্ভত শনিবাৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। বটদ্ৰৱা সমষ্টিৰ দলংঘাট ব্লক সমিতিৰ মহিলা সকলে কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক অৰূপ কুমাৰ মহন্তই কয় যে, "প্ৰকৃত অৰ্থত গ্ৰামাঞ্চলৰ গৰিষ্ঠ সংখ্যক দুখীয়া পৰিয়াল ঋণমুক্তিৰ পৰা বঞ্চিত হ'ব।

সিংঘাল কমিটিয়ে লোৱা সিদ্ধান্তত উল্লেখ আছে যে,"২০২০ চনৰ ৩১ ডিচেম্বৰৰ আগত যদি কোনো মহিলাই ৯০ দিনতকৈ অধিক দিন কিস্তি দিয়া নাই তেন্তে তেওঁ লোকৰ ঋণ মাফ নহয়"। ২০১৯ চনৰ শেষৰ পৰা অসমত "কা" বিৰোধী সংগ্ৰামৰ কাৰ্যসূচীত জনজীৱন স্তব্ধ হৈ পৰিছিল আৰু ২০২০ চনৰ মাৰ্চ মাহৰ পৰা কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ লকডাউন হৈছিল সেই প্ৰভাৱ আজিও অব্যাহত আছে। সমিতিৰ অন্য সিদ্ধান্তত"দুটাতকৈ অধিক সন্থাৰ পৰা ঋণ লোৱা সকলৰ ঋণ মাফৰ সম্ভাৱনা কম" বুলি উল্লেখ কৰিছে ইয়াতো দেখা যায় যে, গ্ৰামাঞ্চলত শতকৰা ৯০% শতাংশৰো অধিক মহিলা দুটাতকৈ অধিক মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ গ্ৰহণ কৰিছে।

গতিকে দেখা যায় সিংঘাল সমিটিয়ে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত সমূহে ঋণগ্ৰস্ত গৰিষ্ঠ সংখ্যক মহিলা সকল ঋণমুক্তিৰ পৰা বঞ্চিত হ'ব। প্ৰতিবাদত অংশগ্ৰহন কৰি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু সম্পাদিকা আয়েফা বেগমে "কোম্পানী সমূহে ৰিৰ্জাভ বেংকৰ নীতি নিৰ্দেশনা অৱমাননা কৰাৰ বিৰুদ্ধে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই , যি সমূহ পৰিয়ালে ঋণৰ কবলত পৰি ঘৰ আৰু গাঁও এৰি যাব লগা হৈছে তেওঁলোকৰ সংস্থাপন আৰু যিসমূহ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণলৈ ঋণগ্ৰস্ত লোকে আত্মহত্যা কৰিছে সেইসকলক সংশ্লিষ্ট কোম্পানীয়ে ক্ষতিপূৰণ প্ৰদান কৰাৰ ক্ষেত্ৰত দায়বদ্ধ কৰি প্ৰস্তাৱ গ্ৰহণ নকৰিলে। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি দ্বিতীয়বাৰলৈ অসমৰ শাসন ক্ষমতা লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীনবিজেপি চৰকাৰ খনক ২০২০ চনৰ ৩১ ডিচেম্বৰৰ আগৰ সকলো দুখীয়া আৰু শ্ৰমজীৱী ৰাইজৰ ঋণ মাফ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in