বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বটদ্ৰৱাৰ এদল বিশেষ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ আৰু এটা ভাল লগা দৃশ্য

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বটদ্ৰৱাৰ এদল বিশেষ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ  আৰু এটা ভাল লগা দৃশ্য

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে বটদ্ৰৱাৰ এদল বিশেষ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ আৰু এটা ভাল লগা দৃশ্য

ডিজিটেল সংবাদ, বটদ্ৰৱা : নিজৰ গাঁও খন আৰু প্ৰকৃতিৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ বাবে আজি দিনটোত এখন ভাল লগা ছবি পোহৰলৈ আহিছে। ক'ভিড জনিত পৰিৱেশৰ মাজতো নিজৰ গাওঁখনক সেউজ শীতল, প্ৰদূষণ মুক্ত কৰি ৰখাৰ পৰিকল্পনাৰে বটদ্ৰৱা সমষ্টিৰ গজপুৰীয়া গাঁৱৰ যুৱক সকলে চাৰিওফালে বাঁহৰ বেৰা দি কোনেও যাতে এডালো গছ কাটিব নোৱাৰে তাৰ প্ৰতি ব্যৱস্থা গ্ৰহন কৰিছে। চৌপাশে মাথোঁ সেউজীয়া আৰু সেউজীয়া, তাৰ মাজত চৰাইৰ কাকলিৰ এক দৃষ্টিনন্দন পৰিৱেশৰ এই গাঁওখনক সেউজী ধৰণী ধুনীয়া এই শ্লোগানেৰে আৰু অধিক ধুনীয়া কৰাৰ সপোন ৰছনা কৰিছে গাঁৱৰ এই যুৱক সকলে।

নিজৰ গাঁঠিৰ ধন ভাঙি এই সকল প্ৰকৃতিপ্ৰেমী যুৱকে গাওঁখনৰ সেউজ পৰিৱেশক আটোমটোকাৰিকৈ ৰখাৰ প্ৰয়াস কৰিছে। সমগ্ৰ অসমৰ গাঁওসমূহৰ ভিতৰতে অন্যতম এখন মনোৰম গাঁওৰূপে নিজৰ ওপজা ভূমিক গঢ়িবলৈ আগবাঢ়িছে নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত গজপুৰীয়া গাঁৱৰ যুৱক বৃন্দ। নৈসৰ্গিক দৃশ্যৰে পৰিবেষ্টিত ঐতিহ্যমণ্ডিত গজপুৰীয়া গাঁওখনক এখনি নিকা প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ গাঁওৰূপে গঢ়িবলৈ প্ৰস্তুতি চলাইছে গাঁওখনৰ কৰ্মোদ্যমী যুৱকসকলে।

গাঁওখনৰে ৰাজীৱ বৰা, ত্ৰিনয়ন বৰুৱা, অংকুৰ বৰা, গৌতম বৰা, চম্পকজ্যোতি বৰা, হিমাঙ্কু শইকীয়া, দেৱকান্ত বৰা, ভাস্কৰজ্যোতি বৰা, ৰক্তিম বৰা, প্ৰানজ্যোতি বৰা, দ্বীপেন বৰা, দিগেন বৰা, মিণ্টু বৰা, হেমন্ত বৰাকে প্ৰমুখ্য কৰি যুৱককেইগৰাকীয়ে সাম্প্ৰতিক কৰ'ণা ভাইৰাছৰ পৰিপেক্ষিতত লকডাউন সদৃশ পৰিবেশত ঘৰতে থাকিব লগা হোৱাৰ বাবে সময়ৰ সদ ব্যৱহাৰ কৰি হাতে-কামে একাগ্ৰতাৰে লাগি নিজৰ গাঁওখনক সুন্দৰ কৰি গঢ়িৱ বিচাৰিছে। গাঁওখনলৈ সোমাই যোৱা পথকেইটাৰ কাষত বাঁহৰে বেৰা দি তাৰ কাষত বিভিন্ন ধৰণৰ গছ পুলি, ফুলৰ পুলি ৰুই সৌন্দৰ্য বৰ্ধন কৰাৰ লগতে বাহৰ ডাষ্টবিন সাজি এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছে। পৰ্য্যটন ক্ষেত্ৰ হিচাপে বটদ্ৰৱাৰ এই গাওঁখনক গঢ়ি বিশ্ব সভাত জিলিকাই ৰখাৰ এই অভিনৱ প্ৰয়াসক সকলোৱে প্ৰসংশা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in