বৰদোৱা ভোগালী উৎসৱৰ সামৰণি…

বৰদোৱা ভোগালী উৎসৱৰ সামৰণি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৰদোৱা ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বটদ্ৰৱা থানৰ জাপি বাটচৰাৰ সমীপত সোমবাৰৰ পৰা দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ মংগলবাৰে নিশা সামৰণি পৰে। ভোগালী উৎসৱত সোমবাৰৰ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছত বটদ্ৰৱা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বয়োজেষ্ঠ আৰু বিশিষ্ট ব্যক্তিসকলৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

১৯ জানুৱাৰীৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা। দিব্যজ্যোতি বৰুৱাৰ পৰিচালনাৰে অনুষ্ঠিত 'অসমীয়া সংস্কৃতিৰ কুইজ' শীৰ্ষক কুইজ প্ৰতিযোগিতাৰ পাছতে সন্ধ্যা ৮ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকা, বৰন বিকাশ আৰু আৰোহন বৰদলৈৰ গীতৰ অনুষ্ঠানে পাঁচ সহস্ৰাধিক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in