নেছ’ৰ ১১ ঘন্টীয়া উঃপূঃ বন্ধ সফল কৰিবলৈ বৰাকসহ অসমবাসীক মুকলি আহ্বান আছু আৰু অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ

নেছ’ৰ ১১ ঘন্টীয়া উঃপূঃ বন্ধ সফল কৰিবলৈ বৰাকসহ অসমবাসীক মুকলি আহ্বান আছু আৰু অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ

ডিজিটেল সংবাদ, শিলচৰঃ কেন্দ্রীয় চৰকাৰে বলপূৰ্বক নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচৰাৰ প্রতিবাদত মঙলবাৰে নেছ'ৱে আহ্বান দিয়া উত্তৰ পূব বন্ধৰ প্রতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম খিলঞ্জীয়া সুৰক্ষা কমিটী আৰু আছুৰ কাছাৰ জিলা কমিটীয়ে। দেওবাৰে দুয়োটা সংগঠনে শিলচৰত যুটীয়া ভাবে আয়োজিত এক সংবাদমেলত মঙলবাৰৰ বন্ধৰ প্রতি সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ লগতে সৰ্বাত্মক ৰূপত বন্ধ পালন কৰিবলৈ সমগ্র বৰাকবাসীক আহ্বান জনাইছে।

খিলঞ্জীয়া বিৰোধী এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্র বিৰোধিতা কৰি সংগঠন দুটাই মঙলবাৰে বন্ধ সফল কৰিবলৈ নিজেই পথত নামিব বুলিও সদৰি কৰে। আছুৰ কাছাৰ জিলা কমিটীৰ আহ্বায়ক আইনুল হক চৌধুৰীয়ে জাতিধংসী বিধেয়কৰ তীব্র বিৰোধিতা কৰি কয় যে, কেন্দ্রীয় চৰকাৰে বলপূৰ্বক ভাবে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিব বিচৰা কাৰ্য সম্পূৰ্ণ সংবিধান বিৰোধী। বাংলাদেশীক ৰঙা দলিছা পাৰি কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব নিঃশেষ কৰিবলৈ তৎপৰ হোৱা কাৰ্য আছুৱে কেতিয়াও মানি নলয়। আছুৰ শেষ বিন্দু ৰক্ত থকালৈকে কোনো ক্ষেত্রতে এই বিধেয়ক মানি লোৱা নহয় বুলিও কেন্দ্রীয় চৰকাৰক সকীয়াই দিয়ে আইনুল হক চৌধুৰীয়ে।

একেই মন্তব্য অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ নেতৃত্বৰো। কমিটীৰ সভাপতি সহদেৱ ৰাজবংশীয়ে এই বিধেয়কৰ বিৰোধিতা কৰি কয়, আৰম্ভণিৰে পৰা ৰাজ্যৰ ভূমিপুত্র সকলে এই জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি আহিছে। ইয়াৰ পিচতো অসমবাসীক উপেক্ষা কৰি কেন্দ্রই এই বিধেয়ক জাপি দিব বিচাৰিছে।

কেন্দ্রৰ এই কাৰ্যৰ প্রতিবাদত মঙলবাৰে নেছ'ৱে আহ্বান দিয়া এঘাৰ ঘন্টীয়া উত্তৰ পূব বন্ধ সৰ্বাত্মক ভাবে সফল কৰিবলৈ তেওঁ বৰাক আৰু ব্রহ্মপুত্রবাসীক আহ্বান জনায়। অসম খিলঞ্জীয়া সুৰক্ষা কমিটীৰ সাধাৰণ সম্পাদক হেৰাজি সিংহই কয়, এই বন্ধ বৰাকৰ খিলঞ্জীয়া লোকৰ অস্তিত্বৰ যুঁজ। গতিকে মঙলবাৰৰ বন্ধ সফল কৰিবলৈ তেওঁ বৰাকৰ সকলো খিলঞ্জীয়া লোকক আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in