বৰাকত কয়লাৰ বৃহৎ চিণ্ডিকেট, আৰক্ষীৰ সহযোগত দিনে ৫০ লাখকৈ সংগ্ৰহ চিণ্ডিকেট চক্ৰৰ

বৰাকত কয়লাৰ বৃহৎ চিণ্ডিকেট, আৰক্ষীৰ সহযোগত দিনে ৫০ লাখকৈ সংগ্ৰহ চিণ্ডিকেট চক্ৰৰ

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পৃষ্ঠপোষকতাতে বৰাকত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কয়লা সৰবৰাহৰ চিণ্ডিকেটৰাজে। মাৰ্ঘেৰিটাৰ এইছ পি টেডাৰ্চ নামৰ এক ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ভুৱা চালান দেখুৱাই প্ৰতি নিশাই শতাধিক কয়লাভৰ্তী অবৈধ ট্ৰাক বৰাক উপত্যকাৰ পৰা মেঘালয়ৰ মাজেৰে দেশৰ আন প্ৰান্তলৈ নিয়মিত সৰবৰাহ হৈছে। উল্লেখ্য যে, মেঘালয়ত কয়লাৰ সৰবৰাহ আৰু খনন বন্ধ হৈ আছে যদিও অসম চৰকাৰৰ আশীৰ্বাদপুষ্ট একাংশ আমোলা আৰু শাসকীয় বিজেপি দলৰ স্থানীয় নেতাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে অব্যাহত আছে এই অবৈধ চালান।

এই কয়লাৰ ট্ৰাকসমূহৰ অধিকাংশ বৰাক উপত্যকাৰে ষ্ট্ৰং চিমেন্ট কোম্পানী লিমিটেডৰ বুলিও জানিব পৰা গৈছে। আনহাতে স্থানীয় এজেন্টৰ সহযোগত বৰাকৰ ইটা ভাটা, চাহ বাগিচাৰ উপৰি দেশৰ আন ৰাজ্যৰ লগতে বাংলাদেশলৈও প্ৰশাসনৰ চকুৰ সন্মুখেৰেই সৰবৰাহ হৈ আছে যদিও দিছপুৰৰ পৰোক্ষ পৃষ্ঠপোষকতাৰ বাবেই এই ক্ষেত্ৰত প্ৰশাসন নিৰৱে আছে। ইতিপূৰ্বে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বাতৰিত ভিডিঅ'সহ এই তথ্যও প্ৰকাশ কৰা হৈছিল কেনেকৈ কয়লাৰ এই অবৈধ বেহাৰ নামত এচাম মধ্যভোগীয়ে আৰক্ষীৰে শীৰ্ষ বিষয়াৰ নাম লৈ নিয়মিতভাৱে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি আছে। যিটো মধ্যভোগী চক্ৰৰ সহযোগত কোনো ধৰণৰ চালান ব্যৱহাৰ নকৰাকৈও অবাধে সৰবৰাহ হৈছে কয়লা। ফলত কোটি কোটি টকাৰ ৰাজহৰ পৰা চৰকাৰ বঞ্চিত হৈছে।

উল্লেখযোগ্য যে মেঘালয়ত চৰকাৰীভাৱে কয়লা খনন বন্ধ যদিও ইয়াৰ অবৈধ কয়লা খনিৰ পৰা এই কয়লা সংগ্ৰহকাৰী একাংশ ট্ৰাকো কাছাৰ জিলাৰ অসম-মেঘালয় সীমান্তপৰ মালিডহৰ মাজেৰে চলাচল কৰে। ইফালে চেক পোষ্টসমূহত আৰক্ষী-বনবিভাগক নিৰ্ধাৰিত কমিছন দি অবৈধ কয়লাভৰ্তি ট্ৰাকসমূহ অবাধে চলাচল কৰে। অভিযোগ অনুসৰি বৰাক উপত্যকাৰ প্ৰতিখন অবৈধ কয়লাভৰ্তি ট্ৰাকৰ পৰা ৩০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকালৈ সংগ্ৰহ কৰে আৰক্ষী এজেন্টে। তেওঁলোকক সুৰক্ষা দিয়ে শাসক দলৰ একাংশ নেতা-পালিনেতাই।

অভিযোগ অনুসৰি কয়লাৰ এই চিণ্ডিকেট চলাই থকা সকল শাসকীয় দলটোৰ নেতা-মন্ত্ৰীৰে অতি ঘনিষ্ঠ বুলি পৰিচিত। জানিব পৰা মতে, কাটিগড়াৰ অ'চি শংকৰ মণ্ডল আৰু বদৰপুৰৰ অ'চি যুগল কিশোৰ বৰাই কয়লাৰ অবাধ সৰবৰাহত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। কাটিগড়া আৰু বদৰপুৰ ঘাটৰ দুটা আৰক্ষী গেটতে প্ৰতি ৰাতি ২০-৩০ লক্ষাধিক টকা সংগ্ৰহ কৰে এই দুই আৰক্ষী বিষয়াই। আন এক খবৰ অনুসৰি বদৰপুৰৰ অ'চি যুগল কিশোৰ বৰাই বিগত দুটা বছৰ ধৰি একে ঠাইতে কৰ্তব্যৰত হৈ আছে। তেওঁ তিনিবাৰকৈ বদলিৰ নিৰ্দেশ লাভ কৰাৰ পিছতো ধনৰ বিনিময়ত বদলিৰ নিৰ্দেশ স্থগিত কৰি ৰখা বুলিও অভিযোগ উত্থাপন হয়। একেদৰে কাটিগড়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ মণ্ডলেও যোৱা মাহত বদিলৰ নিৰ্দেশ লাভ কৰিছিল। কিন্তু টকাৰ প্ৰভাৱত বৰ্তমানেও তেওঁ একে স্থানতে কাৰ্যনিৰ্বাহ কৰি আছে।

স্মৰ্তব্য যে, যোৱা ২ মাৰ্চতো শিলচৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে শূণ্য সহনশীল নীতি গ্ৰহণ কৰাৰ কথা পুনৰ দোহাৰিছিল। কিন্তু অবৈধ কয়লা খনন আৰু সৰবৰাহ চলি থকাৰ পিছতো সোণোৱাল চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আজি পৰ্যন্ত পৰিলক্ষিত হোৱা নাই। কেইমাহমান পূৰ্বে শাসকীয় দলটোৰ বিধায়ক দিলীপ কুমাৰ পালে কাছাৰৰ প্ৰাক্তন আৰক্ষী বিষয়া ৰাকেশ ৰৌশনৰ বিৰুদ্ধে অভিযোগৰ আঙুলি তুলিছিল। প্ৰাক্তন আৰক্ষী বিষয়াজনে কয়লা চিণ্ডিকেটৰ পৰা প্ৰতিদিনে ৫০ লক্ষাধিক টকা লাভ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল দিলীপ কুমাৰ পালে। বিধায়কগৰাকীৰ এই অভিযোগে ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱাৰ পিছতে কয়লা চিণ্ডিকেট নিয়ন্ত্ৰণৰ দায়িত্ব দিছপুৰৰ শীৰ্ষ আমোলা চক্ৰক অৰ্পন কৰাও হৈছিল। কিন্তু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দলৰ বাবে ধন সংগ্ৰহৰ স্বাৰ্থত পুনৰ এই কয়লা চিণ্ডিকেট গঢ়ি তোলা হৈছে বুলি অভিযোগ কৰিছে একাংশই। এই কয়লা চিণ্ডিকেটত গুৱাহাটীৰ দুজন যুৱক আৰু এগৰাকী যুৱতী জড়িত থকা বুলিও খবৰ প্ৰকাশ পাইছে।

প্ৰণিধানযোগ্য যে, বিগত সময়ত কয়লাৰ এই চিণ্ডিকেটত ছালফাৰ একাংশ নেতাৰ হাত আছিল যদিও পৰৱৰ্তী সময়ত এই সমগ্ৰ অবৈধ ব্যৱসায় দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত শাসক দলৰ এক প্ৰভাৱশালী চক্ৰই হস্তগত কৰে। যাৰ ফলত এই অবৈধ ব্যৱসায়ৰ পৰা লাভ কৰা কোটি কোটি টকা কমিছনৰূপে দিছপুৰৰ নেতা-মন্ত্ৰীলৈও যায় বুলি সহজেই অনুমান কৰিব পাৰি। নে প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰীয়ে বৰাকত শূণ্য সহনশীলতাৰ কথা কৈ গ'লেও কয়লাৰ এই অবৈধ ব্যৱসায় চক্ৰক উৎখাত কৰাৰ পৰিৱৰ্তে ৰহস্যজনক স্বাৰ্থত দিছপুৰে ৰক্ষণাবেক্ষণহে দি আহিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in