পুনৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ ঘৰলৈ বোমা নিক্ষেপ..

পুনৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ ঘৰলৈ বোমা নিক্ষেপ..

ডিজিটেল ডেস্কঃ কলকাতাৰ বাৰেকপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ অৰ্জুন সিঙৰ ঘৰত পুনৰ এবাৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পূৰ্বে ৮ ছেপ্টেম্বৰত অৰ্জুন সিঙৰ ঘৰৰ বাহিৰত বোমা বিস্ফোৰণ সংঘটিত হৈছিল যাৰ পিছত এই গোচৰৰ তদন্তৰ দায়িত্ব এন আই এলৈ হস্তান্তৰ কৰা হৈছিল। এন আই এলৈ এই বোমা বিস্ফোৰণৰ তদন্ত হস্তান্তৰৰ নিৰ্দেশৰ দ্বিতীয় দিনা মঙলবাৰে পুনৰ তেওঁৰ ঘৰত পুনৰ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত গোটেই অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে।

মাত্ৰ কেইটামান দিনৰ ভিতৰতে দ্বিতীয়টো বোমা বিস্ফোৰণৰ পিছত, আৰক্ষী আৰু প্ৰশাসনৰ সক্ৰিয়তাক প্ৰশ্ন কৰা হৈছে। ৮ ছেপ্টেম্বৰত সাংসদগৰাকীৰ ঘৰৰ বাহিৰত বোমা নিক্ষেপ কৰা ঘটনাৰ গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা তদন্ত কৰা হৈছে। ইয়াৰ পাছতেই আৰক্ষীৰ তথ্য অনুসৰি, মঙ্গলবাৰে ৰাতিপুৱা প্ৰায় ৯ বজাত অৰ্জুন সিঙৰ ঘৰৰ পিছফালে বোমা নিক্ষেপ কৰা হৈছিল আৰু অভিযুক্তজন পলাই গৈছিল। এই সমগ্ৰ ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰিছে।

উল্লেখ্য যে বিগত ৮ ছেপ্টেম্বৰত সাংসদজনৰ ঘৰলৈ ২ টা বোমা নিক্ষেপ কৰা হৈছিল। আনহাতে তৃতীয় বোমাটো সেই ঠাইত নিক্ষেপ কৰা হৈছিল য'ত অৰ্জুন সিঙক সুৰক্ষা দিবলৈ চি আই এছ এফৰ কৰ্মী সকলক নিয়োজিত কৰা হৈছিল। ঘটনাটোৰ সময়ত সাংসদজন তেওঁৰ ঘৰত নাছিল কিন্তু তেওঁৰ পৰিয়াল তাত আছিল। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে দাবী কৰিছে যে বোমা বিস্ফোৰণত তৃণমূল কংগ্ৰেছৰ লোক জড়িত আছে। চি চি টি ভি ভিডিঅ'ৰ মতে, দুয়োটা গোটৰ মাজত হোৱা বিবাদৰ পিছত ইজনে সিজনৰ ওপৰত আক্ৰমণ হৈছিল। গোচৰটোত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অৰ্জুন সিঙৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in