বকোত কবিতা পুথি ‘জীৱনৰ ছন্দ’ উন্মোচন…

বকোত কবিতা পুথি ‘জীৱনৰ ছন্দ’ উন্মোচন…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত আজি এখন কবিতা পুথি উন্মোচন কৰা হয় । ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত কাইঠপাৰা গাঁৱত থকা কলিতাপাৰা স্বাস্হ্য কেন্দ্ৰৰ ধাত্ৰী আৰতি বড়োৰ ৮০টা কবিতাৰ কবিতাপুথি 'জীৱনৰ ছন্দ' উন্মোচন কৰে ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ মহকুমা স্বাস্হ্য বিষয়া ডা৹ মুহিতোষ বেনাৰ্জীয়ে ।

৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ সভাকক্ষত আয়োজন কৰা আজিৰ কবিতাপুথি উন্মোচনী অনুষ্ঠানত উপস্হিত থাকে চিকিৎসালয়খনৰ উপ-অধীক্ষক ডা৹হেমন্ত কুমাৰ বৰা,কবি সুৰেন্দ্ৰ স্বৰ্গীয়াৰী, ধাত্ৰী চন্দ্ৰা বসুমতাৰী, চিকিৎসালয়খনৰ খণ্ড তথ্য বিষয়া প্ৰকাশ ডেকা, কণ্ঠশিল্পী কুমাৰ তপন, সুৰকাৰ মেকজিক মোহনকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে । উল্লেখযোগ্য যে কবিতাপুথি খনৰ বেটুপাত অংকণ কৰিছে দীপাংকৰ বড়োই । মূল্য ১০০টকা । কবিতা পুথিখন কবিয়ে নিজেই প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in