কোকৰাঝাৰত উদ্ধাৰ বনৰৌ, চাওক VIDEO

কোকৰাঝাৰত উদ্ধাৰ বনৰৌ, চাওক VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভোটগাঁৱৰ পৰা বুধবাৰে ৱাইল্ডলাইভ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু বনবিভাগে যৌথ অভিযান চলাই এটা বনৰৌ উদ্ধাৰ কৰে।

ৱাইল্ডলাইভ ট্ৰাষ্ট অব ইণ্ডিয়াৰ সদস্য সুৰয ভট্টাচাৰ্য আৰু গুঞ্জন মণ্ডলে সদৰি কৰা মতে, এগৰাকী প্ৰকৃতিপ্ৰেমীৰ খবৰৰ ভিত্তিত বনবিভাগ আৰু ৱাইল্ডলাইভ ট্ৰাষ্ট অব ইণ্ডিয়াই যৌথভাৱে অভিযান চলাই ভোটগাঁৱৰ পৰা বনৰৌটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এটা পৰিত্যক্ত ৰুমৰ পৰা সুস্থ অৱস্থাত উদ্ধাৰ কৰা বনৰৌটো পৰিত্যক্ত ৰুমত কেনেদৰে আশ্ৰয় লৈছিল তাকে লৈ প্ৰকৃতিপ্ৰেমীসকলে আশ্চৰ্য প্ৰকাশ কৰিছে।

ইপিনে উদ্ধাৰকৃত বনৰৌটো প্ৰত্যক্ষ কৰিবলৈ বহুলোকে ঘটনাস্থলীত ভিৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in