মৰিয়াই মৰিয়াই পত্নীক হত্যা, বঙাইগাঁৱত চাঞ্চল্য

মৰিয়াই মৰিয়াই পত্নীক হত্যা, বঙাইগাঁৱত চাঞ্চল্য

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ সূত্ৰধৰপাৰাত শনিবাৰে সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। এজন লোকে অতি নিৰ্দয়ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নীক।

হত্যা কাণ্ড সংঘটিত কৰিয়েই কোনোৱে যাতে সেই বিষয়ে জানিব নোৱাৰে তাৰ বাবে পত্নী বিনীতা সূত্ৰধৰৰ মৃতদেহ বস্তাত ভৰাই মাজনিশা লৈ যায় নৈৰ পাৰলৈ। নৈৰ পাৰলৈ নি গোপনে হত্যাকাৰী স্বামীয়ে পুতি থয় বিনীতাৰ মৃতদেহ।

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষী উপস্থিত হৈ হত্যাকাৰী সোমবাৰু সূত্ৰধৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে সোমাবৰুক সোধ-পোছ অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা নাই। স্থানীয় লোকসকলে পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in