চিকিৎসাখণ্ডত এখোপ আগুৱালে অসম, উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অস্থি মজ্জা সংস্থাপন কৰিলে হেলথ্ চিটী হাস্পতালে, VIDEO

চিকিৎসাখণ্ডত এখোপ আগুৱালে অসম, উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে অস্থি মজ্জা সংস্থাপন কৰিলে হেলথ্ চিটী হাস্পতালে, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়াৰে পৰা অস্থি মজ্জা সংস্থাপন কৰিবলগীয়া ৰোগীসকলৰ বাবে চিন্তাৰ কাৰণ নাই। কম খৰচতে আৰু অসমতে এতিয়া উপলব্ধ এই চিকিৎসা। এইয়া সম্ভৱ কৰি তুলিছে গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত হেলথ্ চিটী হাস্পতালে। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে হেলথ্ চিটী হাস্পতালে এই চিকিৎসাৰে সুস্থ কৰি তুলিলে নাগালেণ্ডৰ এগৰাকী ৰোগীক। নাগালেণ্ডৰ মোককচুঙৰ ৩৬ বছৰীয়া ৰোগীগৰাকীৰ বিগত বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা চিকিৎসা আৰম্ভ হৈছিল। মঙলবাৰে তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

হেমাটলজী চিকিৎসক ডাঃ আচিফ ইকবালৰ নেতৃত্বত হাস্পতালখনৰ এটা চিকিৎসকৰ দলে এই অস্থি মজ্জা সংস্থাপনৰ প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰে। ৰোগীগৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ হোৱাৰ লগতে তেওঁ বৰ্তমান কেমোথেৰাপী নোহোৱাকৈয়ে জীয়াই থাকিব পাৰিব বুলি আশা কৰা হৈছে। প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত ৰোগীৰ অনুমতি লৈ এটা অ'টলগ ষ্টেম চেল সংস্থাপনৰ পৰিকল্পনা কৰা হৈছিল। তেওঁক হাস্পতালখনত ২৫ জানুৱাৰী তাৰিখে ভৰ্তি কৰাই সেই কাৰ্য আৰম্ভ কৰা হৈছিল।

ডাঃ আচিফ ইকবাল।

৩১ জানুৱাৰীত Apheresisৰ দ্বাৰা ব্লাড বেংকত ৰোগীৰ পৰা peripheral ব্লাড সংগ্ৰহ কৰা হয়। ইয়াৰ পিছতে ১ ফেব্ৰুৱাৰীত এই ষ্টেম চেল সংস্থাপন কৰা হয়। ১৩ ফেব্ৰুৱাৰীত ৰোগীগৰাকীৰ engraftment কৰা হয়। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি এই সফলতাৰ কথা সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে হাস্পতাল কৰ্তৃপক্ষই।

মঙলবাৰৰ সংবাদমেল।

নিজৰ সফলতাৰ কথা কৈ এই কাৰ্যত হাস্পতালখনৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা চিকিৎসকে কৰা সহায়ৰ কথা ক'লে ডাঃ আচিফ ইকবালে। তেওঁ কয়- ব'নমেৰ' সংস্থাপন এটা দলৱদ্ধ প্ৰচেষ্টাৰ ফল। এই কাৰ্যত প্ৰয়োজন হয় বিভিন্ন বিভাগৰ বিশেষজ্ঞ আৰু উন্নত আন্তঃগাঁথনিৰ। ব'নমেৰ' সংস্থাপনৰ বাবে পূৰ্বে অসমৰ পৰা বাহিৰলৈ যাব লগা হৈছিল ৰোগীসকল। যি কাৰ্যত প্ৰায় ৯ ৰ পৰা ২৫ কেইবা লাখ টকা ব্যয় কৰিব লগা হৈছিল।

তেখেতে লগতে কয়, প্ৰথমবাৰৰ বাবে এই কাৰ্য সম্পাদন কৰোতে ঔষধত পোৱা ৰেহাইৰ বাবে প্ৰায় ৩ লাখ টকাহে ৰোগীয়ে হাস্পতাল কৰ্তৃপক্ষক পৰিশোধ কৰিবলগীয়া হৈছে। ব'নমেৰ' সংস্থাপনৰ বাবে পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰলৈ যাব লগীয়া হোৱাত ৰোগীয়ে যাৱতীয় খৰচৰ উপৰিও ৰক্তদাতা সকলৰ বাবেও ধন খৰচ কৰিব লগীয়া হৈছিল।

হাস্পতালখনৰ চিকিৎসা সঞ্চালক ডাঃ ভবানী চক্ৰৱৰ্তীয়ে ২৩ ফেব্ৰুৱাৰীত হেলথ চিটী হাস্পতালত ব'নমেৰ' সংস্থাপনৰ বাবে দ্বিতীয়গৰাকী ৰোগীক ভৰ্তি কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেখেতে লগতে কয়, অস্থি মজ্জা সংস্থাপন কৰ্কট ৰোগীৰ বাবে এটা আধুনিক চিকিৎসা। এই চিকিৎসা বিগত বৰ্ষসমূহত অসম বা উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ নাছিল। হেলথ চিটী হাস্পতাল প্ৰথম প্ৰয়াসতে সফল হৈছে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰি কয়, ইয়াৰ দ্বাৰা আমি এতিয়া ৰাইজক অধিক হাৰত চিকিৎসা সেৱা আগবঢ়াব পাৰিম। আমি দলবদ্ধভাৱে এই কাৰ্য কৰি সফল হ'লো বুলিও কয় সঞ্চালকগৰাকীয়ে।

এই কাৰ্যৰে জড়িত চিকিৎসক নৱজ্যোতি চৌধুৰীয়ে কয়- পূৰ্বে অসমত এনে চিকিৎসা সেৱা উপলব্ধ নাছিল যদিও, এতিয়াৰে পৰা হেলথ চিটী হাস্পতালে ৰোগীসকলক এই ক্ষেত্ৰত সহায় কৰিব পাৰিব। তেওঁ লগতে কয়- অন্যান্য হাস্পতালৰ তুলনাত হেলথ চিটীত ব্লাড বেংকৰো আছে বহু সুবিধা। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত হেলথ চিটী হাস্পতালৰ ব্লাড বেংক অধিক বৈশিষ্ট্যৰে পৰিপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ লগতে কয়- আচিফ ইকবালৰ নেতৃত্বত হেলথ চিটী হাস্পতালে এক অসাধ্য সাধন কৰিলে।

চিকিৎসক অতনু বৰঠাকুৰে ব'নমেৰ' সংস্থাপন কৰাৰ ক্ষেত্ৰত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ ওপৰত নিৰ্ভৰ কৰি ব'নমেৰ' সংস্থাপনৰ দুটা কেন্দ্ৰ স্থাপনৰ কথা কয়।

এই অস্থি মজ্জা সংস্থাপনৰ এই প্ৰক্ৰিয়াত জড়িতৰ একাংশ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ এইখন হাস্পতালত আছে এটা পৃথক ব'নমেৰ' সংস্থাপন কেন্দ্ৰ। এই কেন্দ্ৰটোত ২৪ ঘণ্টাই উপলব্ধ চিকিৎসা সেৱা। ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে হাস্পতালখনৰ ব্লাড বেংকত দুটা থেৰাপেউটিক প্লাজমা এক্সচেঞ্জ কৰা হয়। ইয়াৰ লগতে ৰোগীসকলৰ নিম্ন প্ৰতিৰোধ ক্ষমতাৰ বাবে হোৱা সংক্ৰমণক বাধা দিবলৈ হাস্পতালখনত আছে এটা সংক্ৰমণ নিয়ন্ত্ৰণ কক্ষ।

এই প্ৰক্ৰিয়াত জড়িত একাংশ…

ইফালে হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি ৰোগীক এই চিকিৎসা প্ৰদান কৰাৰ সময়ত আন দিশৰ লগতে খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। বেক্টেৰিয়া আদিৰ পৰা ৰোগীক কেনেদৰে আতৰাই ৰাখিব পাৰি তাৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য যোগান আৰু প্ৰস্তুতৰ সময়তো বিশেষ সাৱধানতা অৱলম্বন কৰা হয়। ব'নমেৰ' সংস্থাপনৰ সময়ত পৰোক্ষ বা প্ৰত্যক্ষভাৱে হাস্পতালখনৰ প্ৰায় ১০০ গৰাকী চিকিৎসক-কৰ্মচাৰী জড়িত থকা বুলি জানিবলৈ দিয়ে মুখ্য পৰিচালন বিষয়া মনোজ কুমাৰ ডেকাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in