শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত কৰ্ণাটকৰ জেডিএছ দলৰ ২ নেতা, নিহতৰ সংখ্যা ২৯০ লৈ বৃদ্ধি…

শ্ৰী লংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহত কৰ্ণাটকৰ জেডিএছ দলৰ ২ নেতা, নিহতৰ সংখ্যা ২৯০ লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে শ্ৰী লংকাত ধাৰবাহিক ৮ টাকৈ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ২৯০ লৈ বৃদ্ধি পাইছে। পূৰ্বতে এই নিহত সকলৰ ভিতৰত ৩ জন ভাৰতীয় আছিল বুলি জনা গৈছিল যদিও শেহতীয়াকৈ এই সংখ্যা ৫ লৈ বৃদ্ধি পাইছে। এই বিস্ফোৰণত নিহত হোৱা আন দুগৰাকী ভাৰতীয় হৈছে কণাৰ্টকৰ ৰাজনৈতিক দল জে ডি এছ সদস্য। ৰাজনৈতিক দলটোৰ মুঠ ৭ জন সদস্য শ্ৰীলংকাত আছিল, ইয়াৰে ২ জন নিহত হোৱাৰ লগতে ৫ জন বৰ্তমানেও সন্ধানহীন। নিহত ২ জে ডি এছৰ সদস্যৰ নাম হ'ল  এম ৰঙ্গপা আৰু কে জি হনুমন্থৰেয়প্পা। যোৱা ২০ এপ্ৰিলত মুঠ ৭ জন সদস্য গৈছিল শ্ৰী লংকালৈ।

এই বিষয়ৰ সন্দৰ্ভত জে ডি এছৰ নেতা তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ ডি কুমাৰ স্বামীয়ে সংবাদমাধ্যমৰ সন্মুখত কয়- ৭ জন ভিতৰত ২ জনৰ মৃত্যুৰ আশংকা কৰা হৈছে। বাকী ৫ জনৰ সন্ধানত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে আমি যোগাযোগ ৰাখিছো।'

উল্লেখ্য যে, ৮ টাকৈ ধাৰাবাহিক বিস্ফোৰণে কপাঁই যোৱা শ্ৰী লংকাত বৰ্তমান সান্ধ্য আইন জাৰি কৰা হৈছে। ঘটনাৰ সৈতে জড়িতৰ সন্দেহত ২৪ জনক আটক কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in