হৰিশিঙাৰ চলন্ত ৰেলত বোমা বিস্ফোৰণ, এজনক গ্ৰেপ্তাৰ

হৰিশিঙাৰ চলন্ত ৰেলত বোমা বিস্ফোৰণ, এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত ১ ডিচেম্বৰৰ সন্ধিয়া ৬.৪৫ বজাত কামাখ্যা ষ্টেচনৰ পৰা ডেকাৰগাঁও অভিমুখে আহি থকা ১৫৮১৫ নম্বৰৰ ইন্টাৰছিটি এক্সপ্ৰেছত এটা প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। এই বিস্ফোৰণৰ ফলত দুগৰাকী মহিলাকে ধৰি চাৰিজন লোক আহত হৈছিল। এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ঘটনাৰ বিৱৰণী মতে, কামাখ্যাৰ পৰা ডেকাৰগাওঁ অভিমুখে আহি থকা ইণ্টাৰচিটি ৰেলখন হৰিশিঙা ৰেল ষ্টেচন আহি পোৱাৰ পূৰ্বে কঠালগুৰিত ১৫৪৬৬ নম্বৰৰ চতুৰ্থটো ডবাত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণৰ ফলত আহত হৈছিল কেইবাজনো লোক। এই বিস্ফোৰণৰ ঘটনাই সমগ্ৰ আৰক্ষী বিভাগৰ ভিতৰচ'ৰাত জোকৰণিৰ সৃষ্টি কৰা দেখা গৈছিল। ঘটনাটো সূক্ষ্মভাৱে পৰ্যালোচনা কৰিছিল ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰাজৱীৰ সিঙৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে।

ঘটনা সন্দৰ্ভত গোৰেশ্বৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭ নম্বৰ ধাৰাৰ অধীনত ১৪১/১৮ নম্বৰত এক গোচৰ ৰুজু হোৱাৰ লগতে ৰঙাপাৰা ৰেল আৰক্ষী থানাত ১৬/১৮, ইউ এছ-৩ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল। উক্ত গোচৰৰ ভিত্তিত আৰক্ষীয়ে বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত বাগডুবা নাৰামাৰী চুৱা গাঁৱৰ অন্তৰ্গত পিতৃ ললিত বড়োৰ পুত্ৰ বিনোদ বড়ো(৩০)ক আৰক্ষীয়ে গোৰেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পাছত ৰঙাপাৰা ৰেল আৰক্ষীয়ে দেওবাৰে ধৃত বিনোদ বড়োক ওদালগুৰি আৰক্ষীৰ হাতত অৰ্পণ কৰে। ওদালগুৰি আৰক্ষীয়ে সোমবাৰে ধৃত বড়োক আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে। ইফালে এক সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে ধৃত বড়োই তিনিটা বোমা প্ৰস্তুত কৰিছিল।

ইয়াৰে প্ৰথম বোমাটো জংঘলত বিস্ফোৰণ কৰাৰ পাছত দ্বিতীয়টো বোমা গোৰেশ্বৰৰ কাশ্যপ বড়ো নামৰ লোক এজনৰ বাসগৃহৰ পিছফালে সংস্থাপন কৰাৰ বিপৰীতে এটা বোমা উক্ত ইণ্টাৰচিটী ৰেলত সংস্থাপন কৰিছিল। ইতিমধ্যে কাশ্যপ বড়োৰ বাসগৃহৰ পিছফালে সংস্থাপিত কৰা বোমাটো আৰক্ষীয়ে নিষ্ক্ৰিয় কৰা বুলি জানিব পৰা গৈছে। যুৱকজনে ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বোমা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে যদিও ধৃত বড়োৱে এই সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে যদিও তেওঁ বিএফডিএন নামৰ এক নতুন অখ্যাত সংগঠন নেতা আছিল বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in