আফগানিস্তানত বোমা বিস্ফোৰণত ৪ শিশুসহ নিহত ১২

আফগানিস্তানত বোমা বিস্ফোৰণত ৪ শিশুসহ নিহত ১২

ডিজিটেল ডেস্কঃ উত্তৰ আফগানিস্তানত সন্ত্ৰাসবাদীয়ে সেনা আৰু নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ লক্ষ্যৰে নিক্ষেপ কৰা এক বোমা বিস্ফোৰণত নিহত হৈছে ৪টি শিশুকে ধৰি আন ৮জন লোক।

আফগানিস্তানৰ শৌলগাৰা জিলাত হোৱা এই বিস্ফোৰণত আন ৬জন লোক আহত হয়। স্থানীয় আৰক্ষী প্ৰশাসনে এতিয়ালৈকে এই আক্ৰমণৰ লগত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত সেয়া সদৰী কৰা নাই।

পূৰ্বতে এনে বিস্ফোৰণ তালিবান সন্ত্ৰাবাদীয়ে সংঘটিত কৰি দেশখনত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। সেয়েহে আৰক্ষীয়ে এই বিস্ফোৰণৰ আঁৰত তালিবান জড়িত থকাৰ সন্দেহ কৰিছে।

এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। বুধবাৰে নিশা ১২বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ কাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in