কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বলোৰাম নাগৰ দেহৱসান

কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বলোৰাম নাগৰ দেহৱসান

ডিজিটেল সংবাদ, নগাঁওঃ কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বলোৰাম নাগৰ মঙলবাৰে পুৱা নতুন দিল্লীত মৃত্যু ঘটে। বলোৰাম নাগ এগৰাকী বিধায়ক হোৱাৰ উপৰিও অসম চৰকাৰৰ শ্ৰম আৰু উদ্যোগ বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ প্ৰাক্তন সম্পাদক হিচাপেও নাগে দায়িত্ব গ্ৰহণ কৰিছিল। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিক ৰোগত ভূগি চিকিৎসাধীন হৈ থকা নাগে সোমবাৰে পুৱা নতুন দিল্লীত মৃত্যুক আঁকোৱালি লয়। তেখেতৰ মৃত্যুত কলিয়াবৰৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in