অৱশেষত জালত পৰিল আণ্ডাৰৱৰ্ল্ডৰ ম’ষ্ট ৱান্টেড গেংষ্টাৰ ৰবী পূজাৰী…

অৱশেষত জালত পৰিল আণ্ডাৰৱৰ্ল্ডৰ ম’ষ্ট ৱান্টেড গেংষ্টাৰ ৰবী পূজাৰী…

ডিজিটেল ডেস্কঃ আণ্ডাৰৱৰ্ল্ডৰ গেংষ্টাৰ ৰবী পূজাৰীক গ্ৰেপ্তাৰ। পশ্চিম আফ্ৰিকাৰ ছেনেগালৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা ৰবী পূজাৰী বিভিন্ন অপৰাধমূলক কাৰ্যৰে জড়িত আছিল। গ্ৰেপ্তাৰৰ পিছতে পূজাৰীক ভাৰতলৈ আনিবৰ বাবে কৰ্ণাটক আৰক্ষীৰ এটা দল ছেনেগালত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে এক সূত্ৰই সদৰি কৰা আনুসৰি ৰবী পূজাৰীক অন্য এখন দেশত গ্ৰেপ্তাৰ কৰি ছেনেগাললৈ লৈ অনা হৈছে। ইতিমধ্যে তেওঁক ভাৰতলৈ আনিবলৈ যো-জা আৰম্ভ কৰা হৈছে বুলিও সদৰি কৰিছে সূত্ৰটোৱে। প্ৰায় ২০০ টা অপৰাধমূলক কাৰ্যৰ বাবে আৰক্ষীয়ে ম'ষ্ট ৱান্টেড হিচাপে ঘোষণা কৰিছিল ৫২ বছৰীয়া ৰবী পূজাৰীক। তেওঁ ভুৱা পৰিচয়েৰে এন্থনী ফাৰ্ণাণ্ডিজ নাম লৈ দীৰ্ঘদিনে লুকাই থকা বুলিও সদৰি কৰিছে এক সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in