বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু…

বলিউডৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ সৰোজ খান আৰু নাই। ৩ জুলাইৰ নিশা ১.৫২ বজাত তেওঁৰ মৃত্যু হয়। হৃদযন্ত্ৰৰ ক্ৰিয় বন্ধ হৈ মৃত্যু হোৱা সৰোজ খানৰ শেষকৃত্য শুকুৰবাৰে পুৱা মালাদ মুছলিম কবৰস্থানত সম্পন্ন হয়। মৃত্যুৰ সময়ত তেওঁ স্বামী বি সহনলাল, পুত্ৰ হামিদ খানৰ লগতে কন্যা হিনা খান আৰু সুকন্যা খানক এই সংসাৰত এৰি থৈ গৈছে।

উশাহ লোৱাত অসুবিধা পোৱাৰ পাছতে জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰগৰাকীক হাস্পতাললৈ নিয়া হৈছিল। ২০ জুনত তেওঁৰ শাৰীৰিক অৱস্থাও পূৰ্বৰ তুলনাত বেয়া হোৱাৰ বাবে মুম্বাইৰ বাণ্ড্ৰাৰগুৰু নানক হাস্পতালত ভৰ্তি কৰা হৈছিল। তাৰ পাছতেই তেওঁৰ কোৰোনাৰ উপস্থিতি পৰীক্ষা কৰা হৈছিল যদিও ফলাফল আহিছিল নিগেটিভ। তেওঁৰ মৃত্যুৰ পাছতে বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে, তেওঁ ২০০০ৰৰোধিক গানত কৰিঅ'গ্ৰাফী কৰিছে। তেওঁ নিজৰ কামৰ দ্বাৰা ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছিল। সৰোজ খানে কৰিঅ'গ্ৰাফী কৰা কেইটামান গান হৈছে, দেৱদাস ছবিখনৰ 'দ'লা ৰে দ'লা', জৱ উই মেটৰ 'এক দ' টিন' ইত্যাদি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in