‘বিগ বছ-১৩’ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু…

‘বিগ বছ-১৩’ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু…

ডিজিটেল ডেস্কঃ অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই।বৃহস্পতিবাৰে ক'পাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেতা আছিল শুক্লা। 'বালিকা বধু'ত কৰা অভিনয়ৰ বাবে দৰ্শকৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল শুক্লা। বিগ বছ' ৰ ১৩ সংখ্যক সংস্কৰণৰ বিজেতা আছিল অভিনেতাগৰাকী।

অভিনাতগৰাকী বৃহস্পতিবাৰৰ পুৱা হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পাছতে তেওঁক লৈ যোৱা হয় মুম্বাইৰ ক'পাৰ হাপস্পতাললৈ। মৃত্যুৰ সময়ত তেওঁ মাতৃ আৰু দুগৰাকী ভগ্নীক এৰি থৈ গৈছে। ৪০ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বলিউডৰ কেইবাজনো অভিনেতাই।

২০০৮ চনত তেওঁ 'বাবুল কা আংগন ছ'টেনা'ত মুখ্য ভূমিকাত অভিনয় কৰিছিল। 'হামটি শৰ্মা কি দুলহনীয়া'ত তেওঁক সহ অভিনেতা হিচাপে দেখা পোৱা গৈছিল। বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা আছিল তেওঁ। শেহতীয়াকৈ তেওঁক একতা কাপুৰৰ ধাৰাবাহিক, 'ব্ৰকেন বাট বিউটিফুল-৩' ত দেখা পোৱা গৈছিল। ইয়াত তেওঁ আগষ্টা নামৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। 'ঝলক দিখালা জা-৬' ৰিয়েলিটি শ্ব'ৰ জৰিয়তে তেওঁ জথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in