‘পাতাল লোক’ৰ দুৰ্দান্ত অভিনেতা গৰাকীয়ে কিয় কৰিলে আত্মহত্যা…

‘পাতাল লোক’ৰ দুৰ্দান্ত অভিনেতা গৰাকীয়ে কিয় কৰিলে আত্মহত্যা…

ডিজিটেল ডেস্কঃ 'পাতাল লোক' নামৰ জনপ্ৰিয় ৱেব ছিৰিজৰ সেই চিনাকি অভিনেতাজন আৰু নাই। কেইবাখনো বলিউডৰ সফল ছবিত অভিনয় কৰা জনপ্ৰিয় অভিনেতা আচিফ বছৰাৰ মৃতদেহ উদ্ধাৰ কৰা হয় হিমাচলপ্ৰদেশৰ মোকলোডগঞ্জত।

ইংৰাজী, হিন্দী আৰু উৰ্দু থিয়েটাৰৰ প্ৰতিষ্ঠিত অভিনেতা আছিল আচিফ বছৰা। অনুৰাগ কাশ্যপ, ৰাহুল ঢোলাকিয়াৰ পাৰ্জানীয়া আদিত অভিনয় কৰা এইগৰাকী অভিনেতাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

সৰু পৰ্দাৰ সৈতে ডাঙৰ পৰ্দাতো সফল অভিনয়ৰে দৰ্শকক মোহিত কৰা অভিনেতাগৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো কথা জানিব পৰা হোৱা নাই। ৫৩ বছৰীয়া অভিনেতাগৰাকীক শেহতীয়াকৈ থ্ৰিলাৰ ৱেব ছিৰিছ 'পাতাল লোক'ত দেখিবলৈ পোৱা গৈছিল।

১৯৬৭চনত বছৰাৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ অমৰাৱতীত। ধৰমশালাৰ এটা ব্যক্তিগত ঘৰৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল তেওঁৰ মৃতদেহ। ব্লেক ফ্ৰাই ডে'ত কৰা দুৰ্দান্ত অভিনয়ৰ বাবেও এইগৰাকী অভিনেতা ব্যাপক চৰ্চিত হৈছিল।

আচিফ বছৰাৰ মৃত্যুত শোকৰ প্ৰভাৱ পৰিছে বলিউডতো। ১৯৮৯চনত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰা বছৰাৰ মৃত্যুত শোক আৰু আচৰ্য ব্যক্ত কৰিছে ছবি নিৰ্মাতা হান্সাল মেহতাই। তেওঁ টুইটাৰত লিখিছে- 'আচিফ বছৰা, এয়া সঁচা হ'ব নোৱাৰে…।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in