নৱবৰ্ষৰ প্ৰাকক্ষণত ২০১৮ৰ বলিউদৰ ২৫খন হিট ছবিৰ খবৰ…

নৱবৰ্ষৰ প্ৰাকক্ষণত ২০১৮ৰ বলিউদৰ ২৫খন হিট ছবিৰ খবৰ…

২০১৮ শেষ হ'বলৈ মাজত মাথো কেইটামান ঘন্টা৷ দুৱাৰদলিত ২০১৯৷ বহু ঘটনা পৰিঘটনাই সমৃদ্ধ কৰিলে ২০১৮ বৰ্ষটো৷ ক্ৰীড়াৰ পৰা বানিজ্য, সাহিত্যৰ পৰা সংস্কৃতি সকলো দিশতে ২০১৮ই আনিলে কিছু আশাৰ ৰেঙনি৷ ২০১৮ৰ অন্ত পৰিবলৈ কেইটামান ক্ষণ বাকী থকা সময়তে বলিউদৰ ২৫খন হিট ছবিৰ খবৰ৷

১. ২০১৮ বৰ্ষৰ সবাতোতকৈ ব্যয়বহুল ছবিখন আছিল দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত আৰু অক্ষয় কুমাৰ অভিনীত ছবি ২.০৷ এছ শংকৰে পৰিচালনা কৰা এই ছবিখনৰ বাজেট ৫৪০ কোটি৷ বাজেটৰ দৰেই বক্স অফিচত অভূতপূৰ্ব সাফল্য লাভ কৰিলে ছবিখনে৷ প্ৰায় ৬৪৪.৫ কোটি টকা উপাৰ্জনেৰে এই ছবিখনে দখল কৰিলে ২০১৮ বৰ্ষৰ সবাতোকৈ অধিক ধন উপৰ্জনকাৰী ছবিৰূপে৷ ছবিখন বৰ্তমানেও দেশ বিদেশৰ বহু ছবিগৃহত প্ৰদৰ্শিত হৈ আছে৷

২. ২০১৮ৰ ২৯ জুনত ছবিগৃহলৈ আহিছিল ৰাজকুমাৰ হিৰানীৰ বহু প্ৰত্যাশিত ছবি তথা অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ ভিত্তিত নিৰ্মিত ছবি 'সঞ্জু'৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰে৷ ছবিখনৰ বাজেট আছিল প্ৰায় ১০০ কোটি৷ এই ছবিখনো ২০১৮ৰ এখন উল্লেখযোগ্য ছবি৷ ছবিখনে মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰিছিল৷ দেশ-বিদেশত সমাদৰ লাভ কৰা এই ছবিখনে মুঠ উপাৰ্জন কৰিছিল ৫৮৫ কোটি টকা৷

৩. সঞ্জয় লীলা ভাঞ্চালীৰ এখন বিতৰ্কিত তথা চৰ্চিত ছবি পদ্মাৱত৷ ছবিখনে মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছিল৷ যাৰ বাবে ছবিখনৰ নামো সলাব লগা হৈছিল৷ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ দুৰ্দান্ত অভিনয় সমৃদ্ধ এই ছবিখনে বিতৰ্কৰ মাজতো সফলতা বুটলিবলৈ সক্ষম হৈছিল৷ ১৯০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে বৰ্তমানলৈকে আয় কৰিছে প্ৰায় ৫৬০ কোটি টকা৷

৪. বলিউদৰ ভাই জান ছলমান খান৷ যাৰ ছবি মানে ছুপাৰ-ডুপাৰ হিট৷ ২০১৮ত ছবিগৃহলৈ আহিছিল ছলমান খান অভিনীত ছবি 'ৰেচ-৩'৷ ছবিখনে বক্স অফিচত সাফল্য বুটলিবলৈ সক্ষম হৈছিল যদিও, ছলমান খানৰ ছবি হিচাপে এই ছবিখনৰ উপাৰ্জনক লৈ সন্তুষ্ট হ'ব পৰা নাছিল ছবি সমালোচকসকল৷ অনিল কাপুৰ, ববী দেউল, জেকলিন ফাৰ্নান্ডেছে অভিনয় কৰা এই ছবিখনৰ বাজেট আছিল ১৫০ কোটি টকা৷ ইয়াৰ বিপৰীতে ছবিখনে মুঠ উপাৰ্জন কৰিলে ৩০২ কোটি টকা৷

৫. ২০১৮ত বলিউদৰ এই হিট ছবিসমূহৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছিল এখন তামিল ছবি৷ ছবিখনৰ নাম আছিল 'চৰকাৰ'৷ জোচেফ বিজয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ২৫৭ কোটি টকা৷ ছবিখনৰ বাজেট আছিল ১১৫ কোটি টকা৷ নিঃসন্দেহে ক'ব পাৰি, তামিল ছবি চৰকাৰো আছিল ২০১৮ৰ এখন হিট ছবি৷

৬. বলিউদৰ বৰ্তমানৰ এক্সন কিং টাইগাৰ শ্ৰফ৷ ফিটনেছৰ কাৰণে প্ৰথমখন ছবিৰ পৰাই চৰ্চাত থকা টাইগাৰৰ ২০১৮ৰ এখন হিট ছবি আছিল বাঘী-২৷ ১৩৭ মিনিট দৈৰ্ঘৰ এই ছবিখনত টাইগাৰৰ সৈতে অভিনয় কৰিছিল দিশা পাটানী, মনোজ বাজপেয়ী আৰু ৰণবীৰ হুডাই৷ প্ৰায় ৬৫কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ২৫১ কোটি টকা৷

৭. ২০১৮ৰ এখন বহু প্ৰত্যাখিত ছবি৷ সকলোৱে আশা কৰিছিল ছবিখন হ'ব ছুপাৰ-ডুপাৰ হিট৷ কিয়নো ছবিখনত অভিনয় কৰিছিল অমিতাভ বচ্চন, আমিৰ খান, কেটৰিন কাইফৰ দৰে বলিউদৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে৷ কিন্তু দৰ্শকৰ আশা কৰা ধৰণে ছবিখনে পূৰাব নোৱাৰিলে প্ৰত্যাশা৷ প্ৰায় ২৭৫ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে উপাৰ্জন কৰিছিল মাত্ৰ ২৪০ কোটি টকাহে৷

৮. ২০১৮ত আহিছিল এখন ছবি৷ কোনেও কল্পনাই কৰিব পৰা নাছিল যে ছবিখন বক্স অফিচত হ'ব ছুপাৰ-ডুপাৰ হিট৷ ছবি সমালোচকসকলে এই ছবিখনৰ সাফল্যক ত্ৰিপুল ব্লক ব্লাষ্টাৰ ছবি হিচাপে অভিহিত কৰিছে৷ ছবিখনত বিশেষ কোনো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী নাথাকিলেও ছবিখনে বাজেটতকৈ প্ৰায় ৬গুণ বেছি ধন উপাৰ্জন কৰিছিল৷ ছবিখনৰ নাম 'বাধায় হো'৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আয়ুষ্মান খুড়ানাই৷ ১২৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ বাজেট আছিল মাত্ৰ ৩০ কোটি আৰু উপাৰ্জন কৰিছিল ২২৫ কোটি টকা৷

৯. ২০১৮ত মুক্তি পোৱা এখন হিট তেলেগু ছবি 'ৰংগাছঠালম'৷ ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে৷ এই ছবিখনেও বক্স অফিচত লাভ কৰিছিল অভূতপূৰ্ব সাফল্য৷ প্ৰায় ৫০ কোটি টকাৰে নিৰ্মাণ হোৱা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ২১৫.৭ কোটি টকা৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰামচৰণে৷

১০. দীৰ্ঘ্য বিৰতিৰ মূৰত মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে ৰূপালী পৰ্দাত ভুমুকি মাৰিছিল৷ আৰু ভুমুকি মাৰিয়েই বক্স অফিচত খলকনি তুলিছিল ৰাণীয়ে৷ অতি কম বাজেটেৰে নিৰ্মাণ হোৱা এখন ছবি 'হিছকী' হৈ পৰিছিল ২০১৮ৰ এখন ছুপাৰহিট ছবি৷ ১১৬ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ বাজেট আছিল ২৫ কোটি৷ কিন্তু সকলোকে আচৰতি কৰি এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল প্ৰায় ২১৫ কোটি টকা৷

১১. বলিউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী আলিয়া ভট৷ আলিয়াৰ এখন ছবি মুক্তি পাইছিল ২০১৮ত৷ নাম 'ৰাজী'৷ মেঘা গুলজাৰে পৰিচালনা কৰা এই ছবিখনৰ বাজেট আছিল ৩০ কোটি টকা৷ কিন্তু বক্স অফিচত এই ছবিখনে উপাৰ্জন কৰিছিল ১৯৩ কোটি টকা৷

১২. তেলেগু ছুপাৰষ্টাৰ মহেশ বাবু৷ ২০১৮ত ১৭৩ মিনিট দৈৰ্ঘ্যৰ ছবি 'ভাৰত এনে নেনু' নামৰ তামিল ছবিখনে বক্স অফিচত খলকনি তুলিছিল৷ কোৰাতাল শিৱাই পৰিচালনা কৰা এই ছবিখনৰ বাজেট আছিল ৭০ কোটি৷ ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১৮৭.৬ কোটি টকা৷

১৩. 'স্ত্ৰী', ২০১৮ৰ আটাইতকৈ কম বাজেটত নিৰ্মাণ হোৱা ছবিবোৰৰ ভিতৰৰ এখন ছবি৷ ১২৮ মিনিট দৈৰ্ঘ্যৰ ছবিখনৰ বাজেট আছিল ২০ কোটি৷ ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰে অভিনয় কৰা এই ভৌতিক ছবিখনে বক্স অফিচত লাভ কৰিছিল অভূতপূৰ্ব সাফল্য৷ অমৰ কৌশিকে পৰিচালনা কৰা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১৮৬ কোটি টকা৷

১৪. 'জিৰ', সদ্যমুক্তি প্ৰাপ্ত এই ছবিখন বক্স অফিচত আশা অনুযায়ী সাফল্য নাপালে৷ আনন্দ এল ৰায়ে পৰিচালনা কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, অনুষ্কা শৰ্মা, কেটৰিনা কাইফে৷ প্ৰায় ২০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ হোৱা ১৬৪ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন বৰ্তমানেও দেশ বিদেশৰ বহু ছবিগৃহত প্ৰদৰ্শিত হৈ আছে৷ এতিয়ালৈকে এই ছবিখনে উপাৰ্জন কৰিছিল ১৭৪ কোটি টকা৷

১৫. ২০১৮ত অক্ষয় কুমাৰ অভিনীত আন এখন হিট ছবি আছিল 'গ'ল্ড'৷ এখন খেলুৱৈৰ জীৱনভিত্তিত নিৰ্মাণ কৰা এই ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে মুনি ৰয়ে অভিনয় কৰিছিল৷ ৮৫ কোটি টকাৰ বাজেটেৰে এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১৫০ কোটি টকা৷

১৬. বলিউদৰ সিংঘম অজয় দেৱগানৰ এখন ছিৰিয়াছ ছবি মুক্তি পাইছিল ২০১৮ত৷ ছবিখনৰ নাম আছিল 'ৰেইড'৷ প্ৰায় ৩৫ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১৪৯ কোটি টকা৷

১৭. মাত্ৰ ১৫ কোটি টকাৰ বাজেটেৰে ২০১৮ত নিৰ্মাণ হৈছিল এখন হিন্দী ছবি 'ছনু কি টিটু কি ছুইটী'৷ ছবিখনত বিশেষ কোনো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা নাছিল৷ লোভ ৰঞ্জনৰ পৰিচালনাৰে নিৰ্মিত হোৱা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১৪৮.৫ কোটি টকা৷

১৮. ২০১৮ত কৰীণা কাপুৰৰ এখন ছবি মুক্তি পাইছিল৷ ছবিখনৰ নাম 'বীৰে দী ৱেইডিং'৷ ১৩৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনত অভিনয় কৰিছিল সোনম কাপুৰ, নেনা গুপ্তা আৰু স্বৰ্ণা ভাস্কৰে৷ ২০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে উপাৰ্জন কৰিছে ১৩৯.৩ কোটি টকা৷

১৯. শ্বাহৰুখৰ ছবি 'জিৰ'ৰ মুক্তিৰ দিনাই ছবিগৃহত মুক্তি পাইছিল এখন কাণাড়া ছবি৷ নাম 'কে জি এফ'৷ তেলেগু ছুপাৰষ্টাৰ য়শে মুখ্য চৰিত্ৰত অবিনয় কৰা এই ছবিখনো ২০১৮ৰ এখন হিট ছবি৷ ৫০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে বক্স অফিচত বৰ্তমানলৈকে উপাৰ্জন কৰিছে ১৩১.৮ কোটি টকা৷

২০. 'ছুই ধাগা', বৰুণ ধাৱান আৰু অনুষ্কা শৰ্মা অভিনীত এই ছবিখনেও দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল৷ মাত্ৰ ৩০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা ১২২ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে উপাৰ্জন কৰিছিল ১২৪.৪ কোটি টকা৷

২১. 'পেড মেন'৷ অক্ষয় কুমাৰৰ ২০১৮ৰ আন এখন হিট ছবি৷ আৰ বাল্কিয়ে পৰিচালনা কৰা এই ছবিখনৰো বাজেট আছিল ৩০ কোটি টকা৷ ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১১৭.৬ কোটি টকা৷ কেৱল ব্যৱসায়িক দিশতেই নহয়, দেশ-বিদেশৰ ছবি সমালোচকসকলৰ পৰাও এই ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল৷

২২. শ্ৰীদেৱীৰ জীয়াৰী জাহ্নবী কাপুৰৰ প্ৰথম ছবিখন মুক্তি পাইছিল ২০১৮ত৷ জাহ্নবীৰ প্ৰথম ছবিখনে বক্স অফিচত হৈছিল ছুপাৰ-ডুপাৰ হিট৷ মাত্ৰ ২৫ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা 'ধড়ক' নামৰ ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ১১৬.৫ কোটি টকা৷

২৩. ২০১৮ত ছবিগৃহলৈ আহিছিল জন আব্ৰাহামৰ ছবি 'সত্যমেৱ জয়তে'৷ বিভিন্ন সামাজিক বিষয়ক লৈ নিৰ্মাণ হোৱা এই ছিৰিয়াছ ছবিখনেও বক্স অফিচত হিট ছবি হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ ৫০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে উপাৰ্জন কৰিছিল ১০৯ কোটি টকা৷

২৪. জন আব্ৰাহামৰ 'পৰমাণু' নামৰ ছবিখনো মুক্তি পাইছিল ২০১৮ত৷ ১২৯ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন বক্স অফিচত হিট ছবি হিচাপে বিবেচিত হৈছিল৷ ৩০ কোটি টকা বাজেটেৰে নিৰ্মাণ হোৱা এই ছবিখনে উপাৰ্জন কৰিছিল ৯১.৯ কোটি টকা৷

২৫. সদ্যমুক্তি প্ৰাপ্ত ছবি 'ছিম্বা'৷ ৰোহিত চেট্টীয়ে পৰিচালনা কৰা এই ছবিখনৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং আৰু ছাৰা আলী খানে৷ ৭৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ হোৱা এই ছবিখন বৰ্তমানলৈকে উপাৰ্জন কৰিছে ৮১.৩ কোটি টকা৷ মুক্তিৰ ৫ দিনৰ ভিতৰতে ছবিখনৰ এই সফলতা চাই ক'ব পাৰি যে, অচিৰেই এই ছবিখন ১০০ কোটিৰ ক্লাৱত প্ৰবেশ কৰিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in