ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিকত সোণৰ পদক কঢ়িয়াই অনা ঊশ্বু খেলুৱৈ জীনা হুছেইনক সম্বৰ্ধনা …..

ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিকত সোণৰ পদক কঢ়িয়াই অনা ঊশ্বু খেলুৱৈ জীনা হুছেইনক সম্বৰ্ধনা …..


ডিজিটেল সংবাদ,বকো : ৰাষ্ট্ৰীয় ছাত্ৰ অলিম্পিকত ঊশ্বু খেলত সোণৰ পদক কঢ়িয়াই অনা বকোৰ জীনা হুছেইনক শনিবাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ কামৰূপ জিলাৰ বকো পৰিষদীয় সমষ্টিৰ বকো বজাৰৰ মাজ মজিয়াত থকা বকো পৰ্যতন ভৱনত অনুষ্ঠিত এখন সভাত ঊশ্বু খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায় ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই।

  এখন শৰাই আৰু ৰাভা জনগোষ্ঠীৰ পাজাৰেৰে সম্বৰ্ধনা জনাই জীনা হুছেইনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ উপৰিও পৰিষদখনৰ পৰা নীতি-নিয়ম অনুযায়ী সহায় কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে । অনুষ্ঠানত উচ্চতৰ মাধ্যমিক আৰু স্নাতক ডিগ্ৰীত অধ্যায়ন কৰি থকা ৫০গৰাকী জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত তিনি হেজাৰ পাঁচশ আৰু চাৰি হেজাৰ পাঁচশ টকাৰ চেক প্ৰদান কৰি পৰিষদৰ তৰফৰ পৰা অৰ্থ সাহাৰ্য্য আগবঢ়ায় ।

ছাত্ৰ-ছাত্ৰী ৫০ গৰাকীৰ মাজত একোজোপাকৈ গছ পুলি আৰু একোখনকৈ ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে । গছপুলিবোৰ ছাত্ৰ-ছাত্ৰী সকলোক নিজৰ নিজৰ পদূলিমুখত ৰোপণ কৰি গছপুলি ৰোপণৰ দৃশ্যবোৰ কাৰ্যবাহীগৰাকীৰ ৯৯৫৪৬-৬৯০৪৯ ওৱাটচপ নম্বৰত প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

বকো পৰিষদীয় সমষ্টিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰীয়ে আঁতধৰা আজিৰ অনুষ্ঠানত গোৰ্খা কল্যাণ সমিতিৰ উপদেষ্টা গোপাল শৰ্মাই ঊশ্বু খেলুৱৈ জীনা হুছেইনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদখনক চৰকাৰে সীমিত সংখ্যক ধন দিয়া বুলি উদ্বেগ প্ৰকাশ কৰে । পৰিষদখনে ষষ্ঠ অনুসূচী লাভ কৰিলে পৰ্যাপ্ত ধন লাভ কৰিব বুলি তেওঁ আশা কৰে।

আনহাতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কাৰ্যবাহী সদস্য সুমিত ৰাভাই মোবাইলৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । মোবাইলত ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশে আছে বুলি ভাষণত উল্লেখ কৰি ইয়াৰে ইতিবাচক দিশটো ল'বলৈ আহ্বান জনায় । কাৰ্যবাহী সদস্য গৰাকীয়ে শনিবাৰে পুৱা তেখেতৰ গৃহ গাঁও জাৰাপাৰাস্থিত পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুল বেগ আৰু বহী বিতৰণ কৰে ।

উল্লেখযোগ্য যে পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়ত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই পঢ়িছিল। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা শুকুৰবাৰে বকোত দুগৰাকী ৰোগীক পঞ্চাশ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা বুলি কাৰ্যবাহী সদস্য গৰাকীয়ে অনুষ্ঠানত ৰাইজক জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in