শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  জাতিৰ সংকটকালত অগপ ব্যস্ত ন-খোৱাতঃ ডিব্ৰুগড়ত কি হ'ল চাওঁক VIDEO  •  অগপৰ কাৰ্যালয়ত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লৈ হতাহতি, আৰক্ষীয়ে আটক কৰিলে ৮ প্ৰতিবাদকাৰীক  •  তেজপুৰত যতীন বৰাক পহুখেদা! VIDEO  •  নেডা উত্তৰ-পূববাসীৰ সৈতে থিয় হ’ব লাগেঃ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ জোঁৰ সমদল

হোটেলত ভাতৰ পাতত বহোতেই পুলিচে আহি ধৰিলেহি দুৰ্ধৰ্ষ গাড়ী চোৰক…

593

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে নিশা প্ৰায় ৯.৩০বজাত আৰক্ষীয়ে দুখন গাড়ীসহ এটা বৃহৎ গাড়ী চোৰ চক্ৰক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী মতে ৮ জনীয়া চোৰৰ দলটোৱে এখন নতুন ৱেগ’নাৰ আৰু এখন ব’লেৰো চুৰি কৰি আনি বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ নৰ্থ ইষ্ট হোটেলত ভাত খাবলৈ সোমাওঁতেই গোপন সূত্ৰৰ পম খেদি বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দলে চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৮ জনীয়া গাড়ী চোৰৰ দলটোত চৰৰ পৰা আৰম্ভ কৰি ৰঙিয়া পৰ্যন্ত ঠাইৰ লোক আছে বুলি জনাইছে। লগতে চোৰৰ দলটোৱে কেৱল যে গাড়ী চুৰ কৰে তেনে নহয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে দাবী কৰি বিভিন্ন ঠাইত এই দলটোৱে ডকাইত পৰ্যন্ত কৰি আহিছে বুলি দাবী কৰে। অধিক তথ্য আৰু চোৰৰ দলটোৰ প্ৰকৃত পৰিচয়ৰ বাবে নিশা সোধ-পোছ কৰিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি