বকলীয়াঘাটত ‘কা’ বাতিলৰ দাবীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ তীব্ৰ প্ৰতিবাদ…

বকলীয়াঘাটত ‘কা’ বাতিলৰ দাবীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ তীব্ৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, বকলীয়াঘাটঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ উদ্যোগত বৃহস্পতিবাৰে বকলীয়াঘাটত বহু বিতৰ্কিত এই আইনখন বাতিল কৰাৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ আহ্বান অনুসৰি বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পূৰ্বেই জিলাখনৰ ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজ তথা আইমাতৃ আহি বকলীয়াঘাট আঞ্চলিক নামঘৰত সমবেত হয়। বৃহত্তৰ বকলীয়াঘাট অঞ্চলৰ লগতে পাৰখোৱা, লাংহিন, হাওৰাঘাট, বৰবিল, বেলগুৰিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগামীসকলে দলে বলে আহি সমদলত অংশগ্ৰহণ কৰে।

তাৰপাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি-সম্পাদক ক্ৰমে ভৱ ৰাজবংশী আৰু বিমল বৰুৱাৰ নেতৃত্বত সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰৰ পৰা আই মাতৃসকলে বকলীয়াঘাট নগৰৰ মাজেৰে সমদল কৰি গৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিভিন্ন শ্ল'গান সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে জয় আই অসম, আমাক কা নালাগে, আমি কি নামানো আদি শ্ল'গানেৰে উত্তাল কৰি তোলে আকাশ-বতাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in