বকোত দুখনকৈ ডি আই সহ ফলাকাঠ আৰু কয়লা জব্দ।…

বকোত দুখনকৈ ডি আই সহ ফলাকাঠ আৰু কয়লা জব্দ।…

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে পুৱতি নিশা বনবিভাগে অভিযান চলাই জব্দ কৰা হয় চোৰাংকাঠ আৰু  কয়লা সহ দুখনকৈ গাড়ী। ঘটনাৰ বিৱৰণ মতে পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকৰণ বিষয়া আৰু শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাঘৰগাওঁ আৰু পয়ৰেঙ্গা গাঁৱৰ পথৰে নম্বৰ প্লেট নথকা দুখন ডি আই গাড়ীৰে চোৰাং ফলাকাঠ আৰু কয়লা কঢ়িয়াই নি থকাৰ খবৰ লাভ কৰি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়।

 বন বিভাগে দাবী কৰা মতে চোৰাংকৈ কঢ়িয়াই অনা ফলাকাঠ খিনিৰ মূল্য প্ৰায় ষাঠি হেজাৰ টকা হ'ব। আনহাতে কয়লাখিনি মেঘালয় ৰাজ্যৰ পৰা কঢ়িয়াই আনিছিল  বুলি জনিব পৰা গৈছে ।  সম্প্ৰতি দুয়োখন গাড়ী সহ ফলাকাঠ আৰু কাঠকয়লা খিনি বকোৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত জব্দ কৰি ৰখা হৈছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in