শেহতীয়া খবৰ
ডবকাত আৰক্ষীৰ অভিযানত ২ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু

বামুনীগাঁৱত ১০টা শগুণৰ বিষক্ৰিয়াৰ ফলত মৃত্যু…

81

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বামুনীগাঁৱত শুকুৰবাৰে ১০টাকৈ শগুণৰ মৃত্যু হোৱা ঘটনাই চঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ছয়গাওঁ থানাৰ অন্তৰ্গত বামুনীগাঁৱৰ ফাৰ্মহাউছৰ পাছফালে থকা খেতিপথাৰত ১০টাকৈ শগুণ মৰি পৰি থকা দেখি স্থানীয় ৰাইজে ওচৰৰ বনবিভাগৰ বামুনীগাওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত জনায়।

বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে মৃত শগুণ কেইটা সেই স্থানৰ পৰা বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়লৈ আনে । আনহাতে, এটা অসুস্থ শগুণ বনবিভাগে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৰাণী গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে। বনবিভাগে সদৰি কৰা মতে বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হৈছে।

বনবিভাগৰ বিষয়া-কৰ্মচাৰীয়ে দাবী কৰা মতে বামুনীগাঁও ফাৰ্ম হাউছৰ পাছফালে থকা গাঁওবোৰত কুকুৰৰ উপদ্ৰৱ বাঢ়িছে ।গাঁওবোৰত বসবাস কৰা পৰিয়ালবোৰৰ পোহনীয়া গৰু-ছাগলী কুকুৰে কামুৰি আহত কৰাৰ উপৰিও মাৰি পৰ্যন্ত পেলায়। এই কুকুৰবোৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে মৰা গৰু-ছাগলীৰ দেহত বিষ ঢালি দি থওঁতে সেই মৰা গৰু-ছাগলীবোৰক শগুণে খোৱাৰ ফলত এনেদৰে শগুণৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি