বকোত দুখনকৈ গাড়ীৰ লগতে শাল কাঠৰ কুণ্ডাসহ ফলাকাঠ জব্দ, VIDEO

বকোত দুখনকৈ গাড়ীৰ লগতে শাল কাঠৰ কুণ্ডাসহ ফলাকাঠ জব্দ, VIDEO

ডিজিটেল সংবাদ, বকোঃ কামৰূপ বকোত শুকুৰবাৰে নিশা বনবিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই ফলা কাঠৰ লগতে কাঠৰ কুণ্ডা সহ দুখনকৈ ডি আই গাড়ী জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাৰ বিৱৰণী মতে পশ্চিম কামৰূপ বনসংমণ্ডল অধীনৰ শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বকোৰ নাগোপাৰা আৰু দেওচৰত অভিযান চলাই এএছ-০১-পি-৮৪৭০ আৰু এছ-০১-ডিডি-৪৩১০ নম্বৰৰ ডি আই গাড়ী দুখন শাল কাঠৰ কুণ্ডা আৰু ফলা কাঠ কঢ়িয়াই আনি থাকোতে জব্দ কৰে।

কাঠখিনি মেঘালয়ৰ পৰা বকো হৈ কঢ়িয়াই আনি আছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি দুয়োখন গাড়ীকে কাঠসহ বামুনীগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত জব্দ কৰি ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in