সদৌ অসম গাঁৱৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

সদৌ অসম গাঁৱৰক্ষী বাহিনীৰ ৭১সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত শনিবাৰে সদৌ অসম গাঁৱৰক্ষী বাহিনীৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। বকো থানাৰ অন্তৰ্গত টুৰুকপাৰাগাঁৱৰ কেন্দুগুৰি যুৱক সংঘৰ বাকৰিত বকো থানা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কেন্দুগুৰি গাঁৱৰক্ষী বাহিনীৰ সহযোগত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে বকো থানা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰুমোহন দেৱানে। বিয়লি অনুষ্ঠিত হয় মুকলি সভা।

মুকলি সভাত অংশ গ্ৰহণ কৰিবলৈ অহা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰয়ক আয়তী, বেনপাৰ্টিৰ দলে আদৰি আনে। বকো থানা কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰুমোহন দেৱানে সভাপতিত্ব কৰা মুকুলি সভাখনত অতিথিৰ লগতে গাঁৱ-ভূঞে থকা গাঁৱৰক্ষী বাহিনীৰ সভাপতি -সম্পাদক সকলোক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাৰ আৰম্ভণীতে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধক্ষ্য লক্ষীকান্ত শৰ্মাই গাঁৱৰক্ষী বাহিনীৰ জোৱান সকলে আগবঢ়াই অহা অৱদানৰ বাবে ধন্যবাদ জনায়।

অতি কম পাৰিতোষিকৰ বিনিময়ত দিন-ৰাতি একাকাৰ কৰি সেৱা আগবঢ়াই অহা জোৱান সকলোৰ দুৰ্গাপূজাৰ সময়ত অধিক কষ্ট হয় বুলি উল্লেখ কৰি প্ৰাক্তন উপাধক্ষ্য শৰ্মাই পাৰিতোষিক বৃদ্ধিৰ আহ্বান জনায়। এইক্ষেত্ৰত তেওঁ মুকলি সভাত অংশ গ্ৰহণ কৰা জিলা আৰক্ষী অধীক্ষক গৰাকীক বিষয়টো দৃষ্টি আকৰ্ষণ কৰে। আৰক্ষী অধীক্ষকে নিজৰ ভাষণত গাঁৱৰক্ষী বাহিনীক পোছাক নিপিন্ধা আৰক্ষী বিষয়া বুলি প্ৰশংসা কৰে ।

লগতে নিজৰ কষ্ট আৰু শ্ৰমেৰে বকোৰ গাঁৱৰক্ষী বাহিনীক শ্ৰেষ্ঠ গাঁৱৰক্ষী বাহিনীৰ সন্মান কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ।শ্ৰেষ্ঠ বঁটা লাভৰ বাবে প্ৰথমতে ওচৰচুবুৰীয়া আৰু ইয়াৰ পিচত গাঁৱখনৰ সুৰক্ষাৰ বাবে নিৰপেক্ষ ভাৱে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। আনকি অন্যায়-অপৰাধৰ বিৰুদ্ধে জোৱান সকলোক সচেতন থাকিবলৈ আহ্বান জনায়। সভাত ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কৰ্ণ ভূষণ ৰাভা, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰয় , আৰক্ষী চক্ৰ বিষয়া, শিক্ষক প্ৰসন্ন কুমাৰ বড়ো, গাঁৱবুঢ়া ৰঞ্জিত বিয়োগী, বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সুজিত ৰাভাকে ধৰি বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে। উল্লেখযোগ্য যে মুকলি সভাৰ মধ্যমণি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কাইলৈ নিৰ্বাচন কমিছন আহিব কাৰণে সভাস্থলী সোনকালেই ত্যাগ কৰিব লগা হয় । উদ্যক্তা সকলেও সেই বাবে সভাখনো সমাপ্ত হয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in