বকোত শিক্ষকৰ অকাল বিয়োগত শোক…

বকোত শিক্ষকৰ অকাল বিয়োগত শোক…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বুধবাৰে এগৰাকী শিক্ষকৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে। ঘটনাৰ বিৱৰণ মতে ৪৮নং বকো বিধান সভাসমষ্টিৰ অন্তৰ্গত গামেৰীমূৰা আঞ্চলিক হাইস্কুলৰ মনোৰঞ্জন দাস(৪৬) নামৰ শিক্ষকগৰাকীয়ে যোৱা তিনিদিন ধৰি জ্বৰত ভুগি আছিল । বুধবাৰে ৰাতিপুৱা জ্বৰ বেছি হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিক্ষক গৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও আদবাটতে শিক্ষকগৰাকীৰ মৃত্যু হয় ।

পিছত শিক্ষকগৰাকীৰ নশ্বৰদেহ নাৰেঙ্গাপাৰা গাঁৱৰ নিজ গৃহলৈ আনি শোকাকুল পৰিৱেশত সৎকাৰ কৰা হয় । শিক্ষকগৰাকীয়ে মৃত্যুৰ সময়ত মাতৃ ঠাণ্ডা দাস, পত্নী হিমাক্ষী দাস , এগৰাকী ৯মহীয়া কন্যা শিশু , এগৰাকী ভাতৃ ,এগৰাকী ভগ্নী ইহঃসংসাৰত এৰি থৈ যায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in