বকোত নেহৰু কেন্দ্ৰৰ খেলৰ সা-সামগ্ৰী বিতৰণ…

বকোত নেহৰু কেন্দ্ৰৰ খেলৰ সা-সামগ্ৰী বিতৰণ…

ডিজিটেল সংবাদ, বকো: কামৰূপ জিলাৰ বকোত বৃহস্পতিবাৰে নেহৰু যুৱ কেন্দ্ৰই বিভিন্ন ক্ৰীড়া সংগঠনৰ খেলৰ সা-সামগ্ৰী বিতৰণ কৰে । ৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ শনিবৰীয়া বজাৰত কেন্দ্ৰই সা-সামগ্ৰী বিতৰণ কৰে।

নেহৰু যুৱ কেন্দ্ৰৰ বকোৰ পৰিচালন সঞ্চালক এছ আৰ এম মৃদুলে সঞ্চালনা কৰা খেলৰ সা-সামগ্ৰী বিতৰণী সভাত ৰাজ্যিক বিজেপিৰ এছ চি মৰ্চাৰ কোষাধ্যক্ষ দুলাল মেধিয়ে খেলৰ সা-সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰে। সভাখনত ৰাজ্যিক বিজেপিৰ এছ চি মৰ্চাৰ উপ-সভাপতি কুশলজ্যোতি মালাকৰকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in