বকোৰ বনগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত নিশা দুৰ্বৃত্তৰ প্ৰৱেশ, লণ্ডভণ্ড কৰিলে নথি-পত্ৰকে ধৰি সা-সামগ্ৰী

বকোৰ বনগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত নিশা দুৰ্বৃত্তৰ প্ৰৱেশ, লণ্ডভণ্ড কৰিলে নথি-পত্ৰকে ধৰি সা-সামগ্ৰী

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ বকোৰ ক্ৰীড়া সন্থাৰ এটি কাৰ্যালয়ত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই প্ৰবেশ কৰি নথি-পত্ৰৰ লগতে বিভিন্ন সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি বকো থানাৰ অন্তৰ্গত বনগাঁৱত থকা বনগাঁও ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ পিছফালৰ দুৱাৰ ভাঙি দুৰ্বৃত্তই প্ৰবেশ কৰি কাৰ্যালয়ৰ ভিতৰত থকা নথি-পত্ৰ, ট্ৰফী আদি বিভিন্ন মূল্যবান সা-সামগ্ৰী লণ্ডভণ্ড কৰি থৈ যায়।

ঘটনাত জড়িত লোকক চিনাক্ত কৰি বিহিত ব্যৱস্থাৰ দাবীত ক্ৰীড়া সন্থাই বকো থানাত এজাহাৰ দাখিল কৰিছে। স্থানীয় ৰাইজে নিশা ক্ৰীড়া সংগঠনটোৰ কাৰ্যালয়ত সোমাই ট্ৰফী আদি মূল্যবান সা-সামগ্ৰী লণ্ডভণ্ড কৰি যোৱাৰ আঁৰত কোনো লোকৰ উচতনি জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in